আজি উৰ্বশী আৰু ৰুবুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শেষৰটো পৰীক্ষা আছিল ৷ দুয়োটাই পৰীক্ষা সুন্দৰকৈ শেষ কৰি সন্ধিয়া ঘৰলৈ হাঁহিমুখে ওভতিছে ৷ নলিনীও আজি অলপ সোনকালেই ঘৰ সোমাল ৷ মনত অনেক ভাৱৰ হাবুডুবু...৷ তাইৰ ভনীয়েক উবৰ্শীয়ে যে প্ৰথম দহটাৰে এটা হ’ব তাত তাইৰ কোনো সন্দেহ নাই ৷ স্কুলৰ , গাঁৱৰ সকলোৰে মুখে মুখে এইবোৰ আলোচনা ৷ তাই অৱশ্যে মানুহৰ আলোচনাৰ ওপৰত ভিত্তি কৰি মনটো নিশ্চিত কৰা নাই ৷ আত্মবিশ্বাসৰ পৰাহে তাই নিশ্চিত হৈ আছে ৷ ৰুবুলেও প্ৰথম দহটাৰ ভিতৰত থাকিব লাগে বুলিয়ে কৈছে যদিও স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে দুই , তিনিটাত লেটাৰ সহ প্ৰথম বিভাগ যে পাব সেইটোতহে নিশ্চিত হৈ আছে বুলি কৈছে ৷ নলিনীয়েও তাকেই বিশ্বাস কৰে যে ৰুবুলে অন্ততঃ ইংৰাজী আৰু বিজ্ঞান বিষয়ত লেটাৰ ল’বই ল’ব ৷ অসমীয়া বিষয়টোত সি অলপ কেঁচা গতিকে প্ৰথম দহটাৰ ভিতৰত থাকিব বুলি মনে নধৰে , তথাপিও ভাগ্যৰ কথা কোনেও ক’ব নোৱাৰে ৷
নলিনীৰ আজি মনটো বৰ ভাল লাগিছে ৷ তাই যেন বহুদিনৰ পিছত আজিহে ভালকৈ উশাহটো লোৱাৰ সুবিধা পাইছে ৷ মূৰৰ পৰা গধুৰ বোজা এটা হে যেন খহি পৰিল !! আবেলিতে ফাৰ্মৰ কৰ্মচাৰী মাধৱৰ হতুৱাই মাংস অনাই থৈছে ৷ বহুদিনৰ মূৰত এসাঁজ ভালকৈ ৰান্ধি কেউটাই খাব ৷ নীলকমল ছাৰকো মাতিছে । ছাৰক ভাত কেইটা সোনকালে খাবলৈ দি ছাৰৰ হাততে বৰমাকৰ বাবেও ভালকৈ ভাত কেইটা দি পঠাব । বৰমাকে সদায় হাস্পতালৰ পৰাই খায় ৷ মাজে মাজে সময় সুবিধা মিলাই তাই এনেকৈ ঘৰৰ ভাত কেইটা বৰমাকৰ লগতে নীলকমল ছাৰলৈও দি পঠায়। কিয়নো এদিন কথা প্ৰসঙ্গত তাই জানিব পাৰিছিল যে নীলকমল ছাৰ কোৱাৰ্টাৰত অকলেই থাকে ৷ ছাৰৰ ঘৰ যোৰহাট পকামুৰাত ৷ ছাৰৰ ঘৰত কোনো নাই ৷ ছাৰ সৰু হৈ থাকোঁতেই হেনো এটা কাৰ এক্সিডেণ্টত ছাৰৰ মাক দেউতাক দুয়োজন ঢুকাল ৷ পিছত তেওঁ দেউতাকৰ বন্ধু ডাক্তৰ নবীন কলিতাৰ আশ্ৰয়ত ডাঙৰ-দীঘল হৈছিল ৷ নবীন কলিতা যোৰহাট বড়ীগাঁৱৰ বাসিন্দা ৷ কিন্তু কৰ্মসূত্ৰে পৰিয়ালসহ দিল্লীত আছিল ৷ তেওঁৰ দুজনী ছোৱালী সন্তান ৷ নীলকমলৰ দেউতাক ঁবিনয় দুৱৰা জীয়াই থাকোঁতে কথাই কথাই নবীন কলিতাৰ পিঠিত চপৰিয়াই চপৰিয়াই প্ৰায়ে কৈ আছিল “নবীন , তোৰ ল’ৰা সন্তান নাই কি হ’ল , মোৰ নীলকমল তোৰো ল’ৰা !" আমি দুইটাৰ যিটোৱেই আগতে নমৰোঁ কিয় আমাৰ ক্ৰিয়া কৰ্ম নীলকমলেই কৰিব লাগিব ! নবীন কলিতাই হেনো আৱেগতে বিনয় দুৱৰাক সদায় সাবটি ধৰি মনৰ সন্তুষ্টি প্ৰকাশ কৰিছিল ৷ কিন্তু সেইবোৰ আৱেগিক মুহূৰ্ত্তত দুয়ো এবাৰলৈও ভাৱিব পৰা নাছিল যে সঁচাকৈয়ে এদিন নীলকমল নবীন কলিতাৰ নিজৰ সন্তান হৈ পৰিব... সেইবাবেই নীলকমলৰ পিতৃ-মাতৃৰ ক্ৰিয়া কৰ্ম সম্পন্ন কৰি নীলকমলক নিজৰ পুত্ৰ হিচাপে গোটেই জীৱন কালৰ বাবে লগত লৈ দিল্লীলৈ উৰা মাৰিছিল আৰু পঢ়াই-শুনাই সুশিক্ষাৰে এজন সু-প্ৰতিষ্ঠিত ডাক্তৰ হিচাপে গঢ়ি উলিয়ালে ৷ ডাক্তৰি পাছ কৰাৰ পিছত নীলকমলে নিজৰ জন্মভুমিত চাকৰি কৰাৰ ইচ্ছা প্ৰকাশ কৰাত নবীন কলিতাই বাধা নিদিলে আৰু ডাক্তৰ নীলকমল অসমলৈ আহি প্ৰথমে যোৰহাটৰ এখন প্ৰাইভেট হাস্পতালত চিকিৎসা আৰম্ভ কৰিছিল ৷ কেইমাহমান তেনেকৈ থকাৰ পিছত লক্ষীমপুৰৰ চৰকাৰী হাস্পতালত নিয়োগ লাভ কৰি নিজৰ সেৱা আগবঢ়াই আহিছে ৷ নীলকমল ছাৰৰ জীৱন কাহিনী শুনি নলিনীৰ দুচকু ভৰি আহিছিল আৰু সিদিনাৰ পৰাই তাই নীলকমল ছাৰৰো গুৰুত্ব ৰাখিবলৈ ধৰিলে...৷
ভাতকেইটা খাই নীলকমল ছাৰে টিফিন বক্সটো লৈ ওলাই যাওঁতে আজি প্ৰথমবাৰৰ বাবে নলিনীৰ মনটো উদাস উদাস ভাৱ এটাই স্পৰ্শ কৰিলে ৷ ছাৰ সঁচাকৈ বহুত ভাল আৰু উদাৰ মনৰ মানুহ । সিহঁতৰ বাবে ছাৰ ভগৱানতকৈ কোনো গুণে কম নহয় ৷ এনেকুৱা এজন মানুহৰ জীৱন সংগী হ’ব পাৰিলে জীৱনটো সফল যেন লাগিব....৷ কথাখিনি ভাবি নলিনীৰ মনটো ভাল লাগি গ’ল ৷ কিন্তু পিছমুহূৰ্ত্ততে নিজৰ মনটো চম্ভালি তাই নিজকে নিজে ক’লে , "নলিনী তই এইবোৰ কি ভাবিছ ! চাৰিওটা ভাই-ভনীৰ জীৱন গঢ়িব লাগিব তই ৷ তাৰোপৰি সিহঁতৰ বিয়া বাৰু কৰাই একোখন ঘৰ-সংসাৰ পাতি দিয়াৰো দায়িত্ব আছে তোৰ...তই এইবোৰ ভাব মনলৈ আনিবলৈ তোৰ হাতত সময় ক’ত... ক্ৰিং ক্ৰিং ক্ৰিং...” কথাবোৰ ভাবি থাকোঁতেই হঠাৎ হাতত থকা ম’বাইলটো বাজি উঠাত নলিনী চক্ খাই উঠিল ৷ ম’বাইলটো চাই দেখে কংকী বায়েকে ফ’ন কৰিছে । তাই ফ'নটো ৰিচিভ কৰি ক’লে , “হেল্ল' কংকী বা কেনে আছা ? ভাল নে তোমাৰ...” কোনো উত্তৰ নাই । নেটৱৰ্কৰ প্ৰব্লেম । সংযোগ বিচ্ছিন্ন হ'ল... ৷ আকৌ ক্লিক্ কৈ মেছেজ অহাৰ শব্দ এটা হ’ল ৷ চাই দেখে কাইলৈ ফ্লাইটত কংকী আৰু বসন্ত আহিব ৷ দিনৰ বাৰ বজাত এয়াৰপৰ্ট পাবহি ৷ মাধৱ বা কাৰোবাক সিহঁতক ৰিচিভ কৰিবলৈ গাড়ী এখন দি পঠাবলৈ কৈছে ৷
গাড়ী এখন দি পঠাব লাগে ! ঘৰত কোনখন গাড়ী আছেনো ? নলিনীৰ ব্যৱসায়ৰ টকাও ইমান হোৱা নাই যে তাই লাখ লাখ টকাৰ গাড়ী এখন কিনি আনিব ! অৱশ্যে গাড়ী এখন নহয় দুখনো কিনিব পাৰিলেহেঁতেন যদিহে ঘৰখনৰ খৰচবোৰ নাথাকিলেহেঁতেন... ৷ উৰ্বশীহঁতৰ পঢ়া-শুনাৰ খৰচ , ঘৰৰ কেউটাৰে খোৱা-পিন্ধাৰ খৰচ , তাতে আকৌ বৰমাকৰ চিকিৎসাৰ নামত প্ৰতিমাহে লাখৰ ওপৰত খৰচ । টকা আহিছে আৰু খৰচ হৈ গুচি গৈছে ৷ আজিলৈকে তাই নিজৰ কাৰণে সাধাৰণ স্কুটী এখনকে কিনি আনিব পৰা নাই ৷ ব্যৱসায়ৰ কামত কিমান দৰকাৰ হৈছে...! বাৰু যি কি নহওঁক ইমান দিনৰ মূৰত বায়েক ঘৰলৈ আহিব , কিবা এটা কৰিব লাগিব ৷ গাড়ী এখন কিবা কৰি যোগাৰ কৰি থ’ব লাগিব নহ'লে ভিনিহীয়েক বসন্ত চৌধুৰীৰ ওচৰত কংকী বায়েকৰ সন্মান নৰ’ব...৷
( আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ