০৮ অক্টোবৰ- ইতিহাসহত আজিৰ দিনটো

Rinku Rajowar
0
▪️১৮৭১ - বনজুইৰ ফলত আমেৰিকাৰ ৱিছকনচিনৰ পেষ্টিগ' অঞ্চল ধ্বংস হয়, যাৰ ফলত ১,২০০ ৰ পৰা ২,৫০০জন লোকৰ মৃত্যু হয়, এই বনজুই ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দাবানল হিচাপে জনা যায়।
▪️১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: কৰ্পোৰেল এলভিন চি য়ৰ্কে ২৮জন জাৰ্মান সৈনিকক হত্যা কৰে আৰু ১৩২ জনক বন্দী কৰে। সেইবাবে তেওঁক মেডেল অফ অনাৰ প্ৰদান কৰা হয়।
▪️১৯১৯ - মহাত্মা গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়।
▪️১৯৩২ - ভাৰতীয় বায়ু সেনাক (আইএএফ) আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ু সেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
▪️১৯৬৭ - গেৰিলা নেতা চে গুৱেভাৰা আৰু তেওঁৰ লোকসকলক বলিভিয়াত বন্দী কৰা হয়।
▪️১৯৯৪ - কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে।
▪️২০০৫ - কাশ্মীৰত ৭.৬ ৰিখ্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত ৮৬,০০০-৮৭,৩৫১জন লোক নিহত, ৬৯,০০০-৭৫,২৬৬জন আহত আৰু ২.৮ নিযুত গৃহহীন হৈছিল।
▪️২০১৩ - কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)