একাঁজলী বিৰহ ১৯- বিটুমনি ভুঞা কোছ

©Admin
0
ড্ৰাইভাৰ গাড়ীখন এই ৰাস্তাই আগবঢ়াই নিয়া।

   কৃষ্ণ নামেৰে মুখৰিত হৈ অহা যাত্ৰী বাহী বাছ খনৰ ভক্ত সকল মন্দিৰৰ প্ৰধান প্ৰভু জনৰ কথাষাৰত আচৰিত হৈ পৰিল।

ড্ৰাইভাৰ জনে ক'লে, প্ৰভু এই ৰাস্তা মোৰ চিনাকি নহয়।মই কেনেকৈ এই ৰাস্তাই গাড়ীখন আগবঢ়াই নিওঁ।
চকু দুটা মুদি ভগৱানক ধ্যান কৰি অহা প্ৰভুৱে মাত দিলে, ব'লা, অলপ দূৰত এজন যাত্ৰী আমাৰ বাবে ৰৈ আছে।মুহূৰ্ততে পৰিবেশটোৱে নিৰৱতা অৱলম্বন কৰিলে।

প্ৰভুৰ নিৰ্দেশত গাড়ীখন আগবাঢ়ি গৈ থাকিল।সকলোৱে উৎকণ্ঠা সামৰণি পেলাই প্ৰভুৱে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলে আৰু গাড়ীৰ পৰা নিজেই নামি গ'ল।প্ৰভুক পোহৰ দেখুৱাই সকলো ভক্তই প্ৰভুৰ পাছে পাছে নামি গ'ল।

প্ৰভুৱে গছ এডালৰ তলত পৰি থকা তগৰৰ কাষত ৰৈ, ভক্ত সকলৰ ফালে চাই কৈ উঠিল।এইয়াই আমাৰ সহযাত্ৰী।মন্দিৰৰ জল লৈ আনা । নাভূত নাশ্ৰুত ঘটনাটো লক্ষ্য কৰি সকলোৱে প্ৰধান প্ৰভুৰ জয়ধ্বনি কৰিলে।

চকুৱে মুখে পানী চটিয়াই দিয়াত তগৰে সাৰ পালে।তাই এটা আচহুৱা পৰিবেশ লক্ষ্য কৰি ভয়তে কঁপিবলৈ ধৰিলে।

মাতা উঠক আপুনি আপোনাৰ স্থানলৈ যাব লাগে।
সকলো ভক্তই হৰে কৃষ্ণ মহামন্ত্ৰ গাবলৈ ধৰিলে।
হৰে কৃষ্ণ মহামন্ত্ৰ শুনি তগৰে ৰামভাইহঁতৰ পৰিয়ালৰ লোক বুলি ভাবি সাহস পালে।

এজন ভক্তই প্ৰভুলৈ চাই মন্তব্য কৰিলে, প্ৰভু একো নজনাকৈ,
কথাষাৰ শেষ হ'বলৈ নাপালেই প্ৰভুৱে তগৰক গাড়ীত উঠিবলৈ আৰ্দেশ দিলে।

তগৰে গাড়ীত উঠিল।এজন ভক্তই এখন চাল গাত মেৰিয়াই লবলৈ দি লগত অনা মন্দিৰৰ প্ৰসাদ আৰু পানী তগৰলৈ আগবঢ়াই দিলে।পৰম তৃপ্তিৰে তাই খোৱাত লাগিল।

প্ৰভুৱে গাড়ীখন চলাই নিবলৈ ডাইভাৰক কৈ,নিজৰ আসনত বহি চকু দুটা মুদি ভগবানক ধ্যান কৰিল।

তগৰে নিসংকোচে ভক্তসকলৰ লগত যাত্ৰা আৰম্ভ কৰিলে।

মন্দিৰৰ প্ৰধান প্ৰভুৰ জনৰ মহিমা দেখি সকলো ভক্তই ভক্তি ভাৱে  প্ৰধান প্ৰভুক সন্মান প্ৰদৰ্শন কৰি জয়ধ্বনি দিলে।

বহু বছৰৰ মূৰত গাড়ীত উঠা তগৰৰ হঠাৎ মূৰটো আচন্দ্ৰাই কৰিলে।তাই বহা চিতটোতেই শুই পৰিল।
কিবা বিপদৰ আশংকা কৰি ভক্ত সকলৰ মাজত হাঁহাকাৰ লাগিল। উষ্ম এক গুনগুননি হ'ল।কি দুখত এই মাতাৰ এনে গতি।

সকলো কথা তল পেলাই প্ৰধান প্ৰভুৱে মাত দিলে,   কিছুমান স্বাৰ্থপৰ মানুহৰ আনৰ সম্পত্তি আত্মসাৎ কৰাৰ প্ৰৱল প্ৰবৃত্তিটোৰ বাবেই কিছুমান পূণ্য আত্মাই প্ৰতি পল কষ্ট পাব লগা হয়।এইয়াই আধুনিক সভ্যতাৰ সকলোতকৈ ডাঙৰ ভুল।তাৰে ফলস্বৰূপে প্ৰকৃতিৰ নিয়মসমুহ অবাঞ্ছনীয় বিশৃংখলতাৰ সৃষ্টি হৈছে।এটা কথা ঠিক যে হীৰা যিমানেই কয়লাৰ মাজত পৰি নাথাকক ইয়াৰ গুণ সদায় একেই থাকিব।আৰু এদিন নিজৰ গুণৰ বাবে জিলিকি উঠিবই।এই পূণ্য আত্মাৰ স্থান মন্দিৰত।এইয়া ভগৱানৰ নিৰ্দেশ।মাতাৰ গৰ্ভত পালিত পূণ্য আত্মা আমাৰ মন্দিৰৰ উত্তৰাধিকাৰী হৈ আহিব পাৰে। এই য়া মোৰ ধাৰণা ,ব্যক্ত কৰিলোঁ।
প্ৰধান প্ৰভুৰ কথাত সকলোৱে হয়ভয় দিলে। হৰিধ্বনিৰে মুখৰিত গাড়ীখন মন্দিৰৰ সন্মুখত ৰৈ গ'ল।আগলৈ,,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)