নীলা নীলিমা - মামণি বৰঠাকুৰ



নীলা চাদৰৰ আচলত,
তৰাৰ বুটা বছা সৰগৰ মুকুতা,
আবিৰৰ ৰঙে ৰঙাই তোলে,
মনৰ ফাগুনৰ কঁহুৱা ডৰা।

ডাৱৰৰ আঁৰে আঁৰে তোমাৰ ছবিয়ে,
পলকতে ঢৌ তোলে মন সমুদ্ৰত ....
অশান্ত উৰ্মিমালাৰে......!

অলকানন্দা বোৱালা মোৰ হিয়াতে,
যমুনা হৈ বৈ গ'ল সঁচা প্ৰেমেৰে....,
শুকান মৰুত বৰষিল ৰিম্-জিম্ বৰষা,
এৰাসুঁতিতো কৰিলা ভৰ যৌৱনা।

নীলিমাৰ বুকুত ৰামধেনুৰ ৰঙেৰে,
প্ৰেমৰ পলাশ জুপি ৰোলা অজানিতে,
সুখৰ সপোন এটি বুকুত বান্ধি,
আন্ধাৰৰ মাজত  মই  জোনাকী।

হৃদয় সমুদ্ৰত অস্থিৰ উৰ্মিমালাৰ,
ক্ষণভঙ্গুৰ সময়ে ক'ব....,
জীৱন নদীৰ ঢৌত উটি যোৱাৰ।

নীলাৰে নীলিময় বিশাল মেঘমল্লিকা
কজলা ডাৱৰে কৰে থকা,সৰকা,
এৰি দিলোঁ এখন চিলা.....;
গাঠি দিলোঁ মৰম,শুভ কামনা,
মৰম পগলা,অঘৰী তুমি,
লবাদেই আকোঁৱালি!
পগলা..........!
কেনে আছা....?
ভালনে তোমাৰ!
খবৰ যে নাই বহুদিন তোমাৰ!
নীলাৰ বুকুত এখন চিলা ,
তাতেই পঠিয়াবা দেই তোমাৰ বতৰা!
পগলা.....
এতিয়া বিদায় দিয়া...!
বহুদূৰ আছে বাট এতিয়াও,
মাথোঁ সেউজীয়া, মাথোঁ সেউজীয়া,
মই আছোঁ যে ৰৈ .......,
অকলশৰীয়াকৈ...।।


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send