নীলা খামৰ চিঠি- ইনু শইকীয়া

Rinku Rajowar
0
প্ৰতি 
       তোমালৈ ,
                      আকাশ ভালে আছা নিশ্চয় । মোৰ ভালেই দিয়া তোমাৰ আৰ্শীবাদত ।আজি প্ৰায়ে ছয় বছৰ তিনি মাহৰ অন্তত বুকুত সাহস লৈ তোমালৈ বুলি কলমটো তুলি লৈছো । জীৱনে আমাক খুব কম সময় দিলে কিন্তু কি কৰিবা কোৱা সকলো সময়ৰ দাবী । তুমি যে মোক এবাৰ জন্মদিনত নাহৰৰ পুলি এটি উপহাৰ দিছিলা । জানা বৰ এজোপা হৈছে । সেইদিনা মই ঘৰলৈ যাওঁতে চাই আহিছো আৰু নহ'বনো কিয় ? কেইটা যে বসন্ত গৰকিলে ! তোমালৈ প্ৰায়ে মনত পৰে , কিন্তু কি কৰিবা কোৱা উপায়ো যে নাই । প্ৰাপ্তিয়ে জীৱন হ'ব নোৱাৰে কিন্তু অপ্ৰাপ্তিটো জীৱন শেষ হৈ যাব পাৰে জানো কোৱা ? বিচাৰিবা চোন কেতিয়াবা , অমানিশাৰ হৃদয়েও কঢ়িয়াই বিষাদৰ এমুকুৰা হাঁহিৰ সঁফুৰা দিয়ে তমসাৰ অন্য এক সংজ্ঞা । 
                   তোমাৰ মোৰ পৃথিৱীখনেই সুকীয়া আছিল  নহয়নে ? তেতিয়া যে প্ৰতিমুহূৰ্তে আমাৰ হৃদয় দুখনক জোনাকে আৱৰি  আছিল , আবেলিবোৰে যে নতুন বতৰা আনিছিল । নৈৰ পাৰত , গছৰ তলত সেই দিন , সেই হাঁহিবোৰ যে আজিৰ দৰে অকণো কৃত্ৰিম নাছিল ন' আকাশ ? তুমিটো নীলা আকাশৰ প্ৰেমিক আছিলা আৰু মই আকাশ আৰু নিশা দুয়োৰে । এতিয়া এইবোৰ  ভাবিলেই বুকুত কিবা অজানা বিষ এটাই খুন্দা মাৰেহি অ' । 
                    তুমি গুচি যোৱা খবৰটোৱে মোক অত্যন্ত দুখ দিছিল , ভাগি পৰিছিলো মই । শেষবাৰৰ বাবে তোমাক চাবলৈ যোৱাৰ সুবিধাকণো মই কৰিব নোৱাৰিলো । চাকৰিৰ  কামত তেওঁ পোন্ধৰদিনৰ বাবে বাহিৰলৈ গৈছিল । অকলে কেনেকৈ যাম কোৱা ইমান দূৰ মাইনাক লৈ । বেয়া নাপাবা ,  তুমি মোৰ অন্তৰত মোৰ আকাশখন হৈ সদায় থাকিবা । আৰু তোমাক ক'বলৈ ৰৈয়ে গৈছিল নহয় , মাইনাক এইবাৰ স্কুলত নামভৰ্তি কৰিছো । সিও তোমাৰ দৰে নীলা আকাশ খুব ভাল পাই জানা ! মোৰ মাইনাক য'ত আছা তাৰ পৰাই আৰ্শীবাদ কৰিবা ঈশ্বৰে যাতে তাৰ মংগল কৰে ।
                 মই নাজানো আকাশ তোমাৰ ঠিকনা কি , কেনেকৈ চিঠিখন মই তোমালৈ পঠাম । মাথোঁ জানো মোৰ তোমাক এইখিনি কথা ক'বলৈ আছিল । হ'ব দিয়া চিঠিখন মই সযতনে ৰাখিম মোৰ কাষত , যিদিনা জোনৰ দেশলৈ বুলি মইও বাট ল'ম সেইদিনা পাৰিলে লৈ যাম । তুমি লাগিলে য'তেই নাথাকা , চিঠিখন পালে উত্তৰ দিবা কিন্তু । মই আশাৰে ৰ'ম । শেষত কওঁ -
     মইতো আকাশৰ আজন্ম প্ৰেমিকা ,
     প্ৰতিটো জোৎস্নীৰ শেষৰ  অষ্পৃষ্ট ব্যাকুলতা
     নিবিড় নিয়ৰৰ ফাঁকে সৰকা
     "এটি শব্দহীন শ্ৰুতিমালা '' ।।
বহুত মৰম তোমালৈ । নেদেখা এখনি নদী হৈ নিৰন্তৰ বৈ থাকিবা মোৰ কেঁচা কলিজাৰ সোঁঁ মাজত ।
                   
                                                                               ইতি 
                                                                  তোমাৰ ধৰিত্ৰী  ।


ইনু শইকীয়া
মৰাণ , ডিব্ৰুগড়
স্নাতকোত্তৰ ছাত্ৰী ।
ফোন নং: ৯৩৬৫৭২১৭১৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)