মোক অলপ মৰম দিয়া-সবিতা দাস


     " Music is the medicine of the life " কথাষাৰ জুৰিয়ে ১০০ শতাংশই বিশ্বাস কৰে । কাম কৰা সময়তে হওঁক বা শুৱাৰ সময়তেই হওঁক গান শুনাটো তাইৰ এটা পুৰণি অভ্যাস । তাই আজিও গান শুনি শুনিয়ে  ঘৰ ঝাৰু দি আছিল ।  এনেতে তাইৰ ফোনটো বাজি উঠিল । তাইৰ প্রিয় বান্ধৱী কাব্যশ্রীয়ে ফোন কৰিছে । তাই ফোনটো ৰিচিভ কৰিলে-------

জুৰি: হেল্ল'...
কাব্যশ্রী:
             "আকাশী গংগা বিচৰা নাই 
              নাই বিচৰা স্বৰ্ণ অলংকাৰ
               নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত 
               বিচাৰিছোঁ মৰমৰ মাত এষাৰ"...।

জুৰি: অই ছোৱালী গান গোৱাত লাগিলা যে...
কাব্যশ্রী : তোমাৰ "caller tune " শুনিয়ে গাইছোঁ । "আকাশী গংগা বিচৰা নাই"...
জুৰি :হ'ব হ'ব ... জানো দিয়া তুমি যে বিখ্যাত গায়িকা। গানটো মোৰ ভাল লাগে বাবেহে "caller tune"থৈছোঁ। এতিয়া কোৱা কি কৰিছা ?
কাব্যশ্রী :চাহ খাই আছোঁ । তুমি?
জুৰি:অলপ কাম কৰি আছোঁ অ'।
কাব্যশ্রী :আচ্ছা ...। অই কথা এটা কোৱাচোন  ..."caller tune "টো যে থৈছা কাৰপৰা নো ইমান মৰম বিচাৰিছা অ'?
জুৰি:এইজনী মানে...ক'লোৱে দেখোন ভাল লাগে বাবেহে ...
কাব্যশ্রী :উম জানো দিয়া । ভাত খালা?
জুৰি: নাই,তুমি খালা?
কাব্যশ্রী :উঠি চাহ খালোঁহে । ভাত খাম অলপ দেৰিকৈ ।
জুৰি:ইমান দেৰিকৈ যে উঠা শাহুৱেৰাই একো নকয় ?
কাব্যশ্রী:নকয় অ' । মই দেৰিকৈয়ে উঠোঁ,ৰাতি শুৱাতো দেৰি হয় যে ...
জুৰি :তুমি বৰ "লাকী"বোৱাৰী দেই ।
কাব্যশ্রী : তুমি হ'বলা নহয় ?
জুৰি: হয় ,মানে ....
কাব্যশ্রী :অই মই এতিয়া ৰাখো দে ...মায়ে মাতিছে ।
জুৰি: ঠিক আছে দিয়া।
কাব্যশ্রী :উম ,উম ..মৰমৰ মাত এষাৰ বিচাৰি পালে ক'বা ...বাই ।
জুৰি: হ'ব হ'ব যোৱা বাই ।
     
        জুৰিয়ে ফোনটো টেবুলত থৈ দিলে । তাই কামত ব্যস্ত হৈ পৰিল যদিও কাব্যশ্রীৰ কথা মনলৈ আহি থাকিল ।দুয়োৰে মাজত যেন আকাশ -পাতল প্রভেদ । জুৰিয়ে কাম কৰিও গালি খাই আৰু কাব্যশ্রী... দেৰিকৈ শুই উঠে অথচ শাহুমাকে একো এটা নকয় । তাইক দেখোন শুই উঠাত অলপ দেৰি হ'লেই শাহুমাকে গালিৰ বৰ্ষা নমাই দিয়ে । তাই সদায়ে শাহুমাকৰ গালি-গালাজক আৰ্শীবাদৰূপে গ্ৰহণ কৰি আহিছে । নিজৰ কামবোৰ তাই নিজেই কৰে ‌। তথাপিও যেন তাই অইন বোৱাৰীৰ দৰে শাহুমাকৰ মৰম নাপায় । তাইও বিচাৰে শাহুমাকৰ  এষাৰ মৰমৰ মাত শুনিবলৈ। তাই যেন  শাহুমাকৰ মৰমৰ মাত এষাৰ বিচাৰি ভাগৰি পৰিছে ।তাই যেন আজি মৰমৰ ভিক্ষাৰী । 

         তাইৰ লগৰবোৰৰ      শাহুমাকবোৰ ইমান মৰমীয়াল।তাই সিহঁতৰ ঘৰলৈ গ'লে তাইক বহুত মৰম কৰে । প্রত্যেকজনী ছোৱালী হয়তো বোৱাৰী হৈ অহাৰ পিছত শাহুমাকগৰাকীয়ে নিজৰ ছোৱালীৰ দৰে মৰম কৰাটো বিচাৰে। তাইও বিচাৰিছিল তাইক বোৱাৰী নহয় নিজৰ ছোৱালীৰ দৰে কৰক । কিন্তু তাইৰ ক্ষেত্রত ওলোটাটোহে হ'ল । তাইৰ শাহুমাকৰ সৈতে হিয়া উজাৰি কথা পাতিবৰ মন যায় । কোলাত মূৰ থৈ সমস্ত দুখ -কষ্ট পাহৰি টোপনি যাবৰ মন যায় ।কিন্তু তাইৰ  মন গ'লেও যে  শাহুমাকৰ সংগ নাপায় । প্রতিটো কথাতে শাহুমাকৰ অভিযোগ "এইটো কিয় কৰিলি","এইটো এনেকৈ নহয়","অমুকক যাব নোৱাৰা ",অমুকটো কৰিব নোৱাৰা " শুনি শুনি তাই বিৰক্ত হয় । কেতিয়াবা তাই নিজকে প্রশ্ন কৰে ,"তাইক শাহুমাকে ইমান বেয়া পাই কিয় "? তাই সদায় শাহুমাকক নিজৰ মা জ্ঞান কৰি আহিছে । কোনোদিনে শাহুমাকৰ কোনো কথাতে অভিযোগ কৰা নাই । তাই সঁচাকৈয়ে দুৰ্ভগীয়া বোৱাৰী নেকি? তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন যায় । চিঞৰি চিঞৰি ক'বৰ মন যায় ,"মা, মোক মৰমেৰে মাতা অ' মা ,মোক একো নালাগে মা,মাথোঁ অলপ মৰম দিয়া অ'।" 

            বিয়াৰ আগতে তাই বহুতৰ মুখত শুনিছিল শাহুৱে বোৱাৰীজনীক কেতিয়াও আপোন বুলি ভাবিব নোৱাৰে । বোৱাৰীজনীৰ কাম-কাজত "খুট" (দোষ) বিচাৰি ফুৰাটো শাহুমাকৰ স্বভাৱ বুলি শুনি আহিছে ।দুই এজনীহে ব্যতিক্রম আছে ,বোৱাৰীজনীক খুব মৰম কৰে । তাইও কামনা কৰিছিল তাইৰ শাহুমা গৰাকী যেন মৰমীয়াল হয় । "মৰম দিলেহে মৰম পায় "কথাষাৰ তাই খুব বিশ্বাস কৰে । সেয়ে তাই শাহুৱেকক খুব মৰম আৰু শ্রদ্ধা কৰে ।কিন্তু আজিলৈকে তাই শাহুৱেকৰ মৰম তিলমানো নাপালে । আজি তাইৰ মাকলৈ খুব মনত পৰিছে । গীতিকাৰে গাইছে ," আইৰ সমান হ'ব কোন ..." সঁচাকৈয়ে জন্মদাত্রী আইৰ  সমান কোনো হ'ব নোৱাৰে ।
    
          পাকঘৰত বাচন পৰা শব্দ শুনাতহে তাইৰ মনত পৰিল মাছখিনি ভাজি গেছৰ টেবুলখনতে থৈ আহিছিল । মেকুৰীয়ে খালে চাগে। তাইয়ো যে ছোৱালী কি যে আঁত নোহোৱা কথাবোৰ ভাবি আছে  ... ।মেকুৰীয়ে মাছ খাইছে যদি হৈছে তাই আজি মাকৰ আৰ্শীবাদ পোৱাটো খাটাং।  

              " মৰমে মৰম পাই যদি 
               আজি কিয় সঁচা মৰম নাই..."
                 মৌচম গগৈৰ গানটি গুণগুণাই জুৰিয়ে পাকঘৰ ফালে গতি কৰিলে ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send