একাঁজলী বিৰহ(খণ্ড নং ২১)~বিটুমনি ভূঞা কোছ

©Admin
0

বহু বছৰৰ পাছত শান্তিৰে টোপনি যোৱা তগৰক, গৰ্ভস্থ সন্তানে ইকাটি সিকাটি কৰি সু-কোমল ভৰি দুটাই দপদপাই মাকক জগাই তুলিলে।তগৰে পেটটো মোহাৰি দিলে।মা মোক মন্দিৰলৈ লৈ যোৱা।তগৰে ৰাধা কৃষ্ণ মূৰ্তিটোত সেৱা কৰি বিচনাৰ পৰা নামি গা ধুবলৈ গ'ল।মন্দিৰত শংখ বাজিল।তাই লক্ষ্য কৰিলে ,কাষৰ ৰুমত থকা কোনো মহিলা নাই।সকলো চাগে মন্দিৰলৈ গ'ল।কাইলৈ পৰা মইও সোনকালে উঠিম।

দীঘলকৈ ওৰনিখন টানি মন্দিৰত সেৱা কৰি তগৰে মন্দিৰলৈ সোমাব লৈছে,  এজন প্ৰভূৱে মাত দিলে, মাতা ভগৱানৰ তিলক, তগৰে কপালখন পাতি দিলে।সুগন্ধি চন্দনৰ তিলক তাইৰ কপালত জিলিকি উঠিল।সদায় উকা কপালখন চাই হাঁহাকাৰ কৰি অহা বুকুখন শান্ত হৈ পৰিল।কপালত তিলক পিন্ধি তগৰ আবেগিক হৈ পৰিল। দুচকুৰে দুধাৰি শান্তিৰ লোটক বৈ আহিল।ইতিমধ্যে মংগল আৰতি শেষ হৈছিল।প্ৰধান প্ৰভূৱে  ভাগৱত পাঠ কৰিবলৈ আসনত বহিবলৈ লৈ সকলো ভক্তৰ ওপৰত চকু মাৰি চাইছে।ইমান পুৱাই ইমান ভক্তৰ আগমন তগৰ আচৰিত হ'ল।সকলো ভক্তই ভক্তিভাৱে প্ৰধান প্ৰভূক সেৱা কৰা দেখি তগৰেও  সেৱা কৰিলে।তগৰৰ ওপৰত প্ৰধান প্ৰভূৰ চকু পৰিল।তগৰৰ অৱস্থাটো দেখি প্ৰধান প্ৰভূৱে অন্য এজন প্ৰভূক ইংগিত দি কিবা ক'লে । লগে লগেই প্ৰভূজনে অলপ ওখ আসন এখন যোগৰ কৰি প্ৰধান প্ৰভূৰ ওচৰতে বহিবলৈ দিলে।১৭ বছৰীয়া জীৱনত প্ৰথমবাৰৰ বাবে ইমান ভক্তৰ মাজত ঠাই পোৱা তগৰে প্ৰধান প্ৰভূক সেৱা কৰি আসনত বহিল।

প্ৰধান প্ৰভূৰ ভাগৱত পাঠ শুনিবলৈ সকলো ভক্তই এক ধ্যানে  বহি হৰে কৃষ্ণ উচ্চাৰণ কৰি নিজৰ নিজৰ আসনত বহি পৰিল।
প্ৰধান প্ৰভূৰ মধুৰ  কণ্ঠস্বৰত ভাগৱতৰ মধুৰ শ্লোক নিগৰি ওলাই আহিল।তগৰৰ গাটো জীকাৰ খাই উঠিল।পৰীক্ষিত  মহাৰাজৰ  বিষয়ে প্ৰভূৱে ব্যাখ্যা আগবঢ়াইছে।
এসময়ৰ সমগ্ৰ পৃথিৱীৰ সম্ৰাট পৰিক্ষীত মহাৰাজ আছিল সকলোতকৈ বুদ্ধি মান সকলৰ ভিতৰতেই অন্যতম ,যি পৰীক্ষিত মহাৰাজক ঘটনাক্ৰমে এজন ব্ৰাহ্মণে অভিশাপ দিছিল।সেইজন এজন ব্ৰাহ্মণ বালকহে আছিল।কিন্তু তথাপিও তেওঁ আছিল এজন অত্যন্ত শক্তিশালী।সেই ব্ৰাহ্মণ বালক জনৰ এজন মহৎ সম্ৰাটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সমন্ধে জ্ঞান নাছিল, বাবেই তেওঁ মুৰ্খৰ দৰে মহাৰাজক সাতদিনৰ ভিতৰত বিষাক্ত সাপৰ দংশনত মৃত্যু হ'ব বুলি অভিশাপ দিছিল।বালক জনৰ পিতাক ,যাক পৰীক্ষিত মহাৰাজে অপমান কৰিছিল।তেওঁ পিছত পুত্ৰৰ অভিশাপৰ কথা জানিব পাৰি অত্যন্ত অনুতপ্ত হৈছিল।এই অভিশাপ ৰ বিষয়ে যেতিয়া মহাৰাজক জনোৱা হৈছিল, তেতিয়া তেওঁ তৎক্ষণাত ৰাজপাট ত্যাগ কৰি অনিবাৰ্য মৃত্যুৰ বাবে প্ৰস্তুত হ'বলৈ তেওঁৰ ৰাজধানী ওচৰতে থকা গঙ্গা নদীৰ পাৰত উপস্থিত হৈছিল গৈ।তেওঁ যিহেতু মহান ৰাজৰ্ষী আছিল, সেয়েহে প্ৰায় সকলোবোৰ মহান মহান ঋষি মুনি আৰু জ্ঞানী পণ্ডিতসকল আহি সেই ঠাইত উপস্থিত হৈছিলহি।সেই সময়ত সকলো মহাত্মাৰ লগতে কম বয়সীয়াল শ্ৰীল শুকদেৱ উপস্থিত আছিল।আৰু তাত তেওঁৰ মহান পিতৃও উপস্থিত আছিল।যদিও সকলোৱে সৰ্ব সন্মৰ্তি ক্ৰমে তেওঁকহে সভাপতি ৰূপে মনোনীত কৰিছিল।মহাৰাজ পৰীক্ষিতে  সসম্ভে শ্ৰীল শুকদেৱ গোস্বামীৰ প্ৰতি  সন্মান জনাই এই জড় জগতৰ পৰা উদ্ধাৰ পোৱাৰ বিষয়ত নানান প্ৰশ্নৰ অৱতাৰণা কৰিছিল, কিয়নো সেই দিনৰ পৰা সাতদিনৰ দিনা তেওঁৰ মৃত্যু নিশ্চিত আছিল। মহাৰাজ পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল, -হে মহাত্মা সকলো মহিষীৰ ভিতৰতে আপুনি শ্ৰেষ্ঠ।সেয়েহে মই বিনীত ভাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ  
এই মুহূৰ্তত মোৰ কৰ্তব্য কি?

পৰীক্ষিতৰ কাহিনীভাগ পাঠ কৰোঁতে প্ৰধান প্ৰভূ যেন কাহিনীৰ চৰিত্ৰৰ লগত একাত্ম হৈ পৰিছে।মই  মনোযোগ দি ভাগৱত শুনা কথাটো গম পালে, ৰামভাই বৰ ভাল পাব।তগৰে চিৎকাৰ কৰি উঠিল।


আগলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)