নিশিগন্ধা
তোমালৈ বুলি মৰমৰ একাঁজলি. ..
বহুদিন হ’ল তোমাৰ খবৰ নোপোৱা ...
কেনে আছা ? ভালে আছা নিশ্চয় ৷
মনত আছেনে বাৰু তোমাৰ এই বন্ধুজনক ? কলেজৰ তোমাৰ সকলোতকৈ আপোন বন্ধুজনৰ খবৰ ৰাখা জানো আজিকালি ?
কলেজৰ সেই খুটখাটকৈ লগা কাজিয়াবোৰৰ মাজতে কেতিয়ানো মোৰ হৃদয়ত ঘৰ কৰি গ’লা গমেই নাপালোঁ মই ৷ জনা হ’লে নিশ্চয় বাধা দিলোঁহেতেন মনটোক ৷ নোৱাৰিলোঁ জানা বাধা দিব ৷
এদিন দুদিন কৰি বছৰ বাগৰি গ’ল ৷
তোমালৈ থকা মৰমবোৰ মনতে থাকিল বুজিছা ৷ ক’ম ক’ম বুলিও কোৱা নহ’ল মনৰ কথাটি ৷ ভয় লাগিছিল জানোচা আঁতৰি যোৱা তুমি ৷ বন্ধুত্বৰ বান্ধোনতে সীমাবদ্ধ হৈ ৰ’ল মোৰ ভালপোৱা ৷
তোমাৰ কথা মনলৈ আহিলে এতিয়াও ঝংকাৰিত হয় হৃদয়ৰ তান ৷ তোমাক চোৱাৰ হেপাঁহ জাগে, লগ পোৱাৰ হেপাঁহ জাগে ৷
জানো সেয়া উচিত নহয় ৷তুমি এতিয়া বেলেগৰ হৃদয়ৰ বান্ধোনত আৱদ্ধ ৷ কিন্তু তুমিয়ে কোৱাচোন প্ৰথম ভালপোৱাক কেনেকৈনো মচো হৃদয়ৰ পৰা ৷ জানা নেকি তেনে কোনো ঔষধ নাইবা যন্ত্ৰ ৰ কথা ৷ যি মচি দিব পাৰে মোৰ হৃদয়ৰ পৰা তোমাৰ নাম ৷
মনৰ কথা ক’বলৈ কাহানিও সাহস গোটাব নোৱাৰিলোঁ ৷ আজিও নিজলৈ বৰ খং উঠে৷ একপক্ষীয় ভালপোৱাৰ দহন বৰ কষ্টকৰ অ’ ৷ দুখ নকৰিবা, তোমাক এইবোৰৰ কাৰণে অলপো দোষ নিদিওঁ ৷ এয়াটো মোৰ হৃদয়ে মোৰ লগত কৰা বিশ্বাসঘাটকতাৰ পৰিণামহে ৷
আজিও তোমাৰ মেঘালী চুলিটাৰি বতাহত উৰুৱাই যোৱানে ? মুখৰ হাঁহিটো আগৰ দৰেই আছেনে তোমাৰ ? অ’ পাহৰিছিলোঁৱে তোমাৰ অকণমানি পৰীজনী কিমান ডাঙৰ হ’ল ? বহুদিনৰ আগতেই তোমাৰ খবৰ পোৱা ৷ আচলতে তোমাৰ খবৰ ল’বলৈ এৰি দিছিলোঁ ৷ সাহস নাছিল মোৰ তোমাৰ সংসাৰৰ খবৰ ৰখা ৷ হৃদয়ৰ ক’ৰবাত বিষ অনুভৱ কৰিছিলোঁ জানা যেতিয়া বিয়াৰ চিঠিখন হাতত তুলি দিছিলা। অবাধ্য চকুহালে দি নিগৰি অহা চকুপানীকণ মচি হাঁহি হাঁহি বিয়ালৈ যাম বুলি কৈছিলোঁ ৷ আচলতে হাঁহিৰ আঁৰত ভাগি পৰিছিল মোৰ হৃদয়খন ৷ চেষ্টা কৰিও যাব নোৱাৰিলোঁ তোমাৰ বিয়ালৈ ৷ আঁতৰি আহিছিলোঁ তোমাৰ পৰা বহুদূৰলৈ ৷ কোনোদিন তোমাক লগ নকৰাৰ পণ লৈ ৷ নিজকে বৰ দুৰ্ভগীয়া যেন লাগিছিল ৷ হেৰাই যাব বিচাৰিছিলোঁ পৃথিৱীৰ কোনোবা একোণত ৷
যন্ত্ৰণাবোৰ সামৰি জীয়াই থাকিব শিকিছোঁ ৷ যিমান চেষ্টা কৰিও তোমাক পাহৰিব নোৱাৰিলোঁ ৷ কাহানিও নোৱাৰিম তোমাক পাহৰিব ৷ তুমি নজনাকৈ তোমাক ভালপাই থাকিম চিৰদিন ৷
বহুত কথাই কোৱা হ’ল অ’ আজি। অতীতৰ কথাবোৰৰ মাজত বিলীন হৈ পৰিছিলোঁ ৷ আৰু নকওঁ ৷ থাকক দিয়া ; নজনাওঁ তোমাক মোৰ অপ্ৰকাশিত কাহিনীবোৰ ৷ সামৰিছোঁ আজিলৈ ৷ কুশলে থাকা ৷ মৰম,ভালপোৱাবোৰ সদায় তোমালৈয়ে বুলি...
প্ৰান্তত
তোমাৰ প্ৰিয় বন্ধু
ইমন ৰাগ ।
সুন্দৰ ।
ReplyDelete