শেৱালিৰ সুবাস বিচাৰি-বিটুমনি কোছঁ

শেৱালিৰ সুবাস বিচাৰি
শামুকৰ গতিৰে আগবাঢ়িলোঁ।

বাহিৰত কুঁৱলীৰ ডাঠ আচ্ছাদন।
উদিন্ন যৌৱনা গাভৰুৰ দেহৰ
মসৃণ শুভ্ৰতাৰে প্ৰতিভাত কুঁৱলী ।

ক্ষীণ ৰেখা টানি বিচ্ছুৰিত
পুৱাৰ সূৰুযৰ কোমল ৰ'দালি।

সোণ বৰণীয়া গুৰি-গুৰি পোহৰ
ডেউকা কোবাই ওলাই আহিল
কেইটামান শালিকী চৰাই।

জনশূণ্য পথটো পৰি আছে
নিশ্চুপ সাপ এডালৰ দৰে।

বৈ আহিল এছাটি নিৰ্মল বতাহ
চুই গ'ল মোৰ কোমল দেহ।

এটা নিৰৱ পুৱা অপৰিসীম
প্ৰাণময়তাৰে উপচি পৰা।

দুশাৰী নাহৰৰ মাজেদি
ক্ৰমশঃ মই আগবাঢ়িছোঁ।

হৃদয় অৰণ্য বুকুৰ নদীৰ দৰে।
সমুদ্ৰই বুকুত দুৰ্লভ মুকুতা লৈ
নিৰৱে প্ৰবাহিত হৈ থকা দৰে।

 
✍🏻বিটুমনি কোছঁ
ধেমাজি (মাছখোৱা)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send