তেতিয়া ভাবিলোঁ প্ৰেম স্বৰ্গীয় অনুভূতি।
যেতিয়া ঠগ খাই আহিলোঁ আঁতৰি,
তেতিয়াই ব্যর্থতাক ল'লোঁ আদৰি।।
সেই অভিমানী ছোৱালীজনীক যেতিয়া ভাল পাইছিলোঁ,
তাইৰ প্ৰেমত বিভোৰ হৈ উল্লাসিত হৈ আছিলোঁ।
অভিমান আছিল যে, সেইকাৰণে ঠগ খালোঁ;
ব্যৰ্থতাক আদৰি লৈ, নিসংগতাক সামৰি ল'লোঁ।।
অস্ফুট ধাৰণাক যেতিয়া দুই ওঁঠেৰে কৈছিলোঁ ,
তোমাৰ হাঁহি দেখি ভাবিলোঁ জীৱন তোষিণীক পালোঁ।
কিয় ভাঙিলা চনকা হৃদয়খন, দিলা তীব্ৰ বেদনা,
এই প্ৰেমিকৰ মানস হ্ৰদে পথ ল'লে নীৰৱ সাধনা।।
✍🏻সুশান্ত দাস , শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ