দিপকে ৰেখাক ফোন কৰি ক'লে -"আজি সন্ধিয়া তোমাক ফুৰাবলৈ লৈ যাম , ভাত ৰান্ধিব নালাগে ; আজি ভাত বাহিৰত খাম।" ৰেখা নথৈ আনন্দিত হ'ল। দিপকে আকৌ ফোন কৰি ক'লে -"ধুনীয়াকৈ সাজোন-কাচোন কৰিবা , আলমাৰীত ক'লা মোনা এখনত ধুনীয়া ৰঙা শাৰী এখন আছে , পিন্ধিবা ।মই অলপ পিছতেই তোমাক আনিবলৈ গৈ আছোঁ ।"
বিয়াৰ প্ৰায় দুই মাহ পাৰ হ'ল আগে-পিছে ইমান মৰম কৰা নাই । দিপকৰ কথাত ৰেখাৰ মনলৈ অলপ চিন্তা আহিল যদিও ধুনীয়াকৈ সাজি-কাচি বহি থাকিল । সন্ধিয়া দিপকে আহি ৰেখাক বহু দূৰৰ দামী আৰু ধুনীয়া হোটেল এখনলৈ লৈ গ'ল ।তাত থিয় হৈ দিপকে ফোনত কথা শেষ কৰি ৰেখাক ধুনীয়াকৈ হাতত ধৰি লৈ গ'ল ৰুম এটালৈ । ৰুমটোৰ ভিতৰত সোমাই দেখিবলৈ পালে ৩৫ , ৪০ বছৰীয়া এজন আদবয়সীয়া মানুহ । দিপকে ৰেখাক উদ্দেশ্য কৰি মানুহটোৰ মুখলৈ চাই -"ছাৰ , দি গʼলো আপোনাৰ সম্পদ..." বুলি কৈ দিপক ৰুমৰ পৰা ওলাই গ'ল । ৰেখাই চিঞৰি চিঞৰি পিছে পিছে দৌৰি যাবলৈ ওলাল কিন্তু দিপকে পিছফালৰ পৰা দৰ্জাখন বন্ধ কৰি ওলাই গ'ল । মানুহজনে কৈ উঠিল , "তোমাক দুই লাখ টকাত বিক্ৰী কৰিছে মোৰ ওচৰত ।"
কলেজীয়া সময়ত ৰেখাক কেইবাবাৰো মানুহটোৱে বেয়া ইংগিত দিছিল । কেতিয়াবা বেয়া ব্যৱহাৰ কৰিব বিচাৰিছিল ।নানা ধৰণৰ কথা কৈ শেষত এদিন কৈছিল - "এদিন নিশ্চয় প্ৰতিশোধ লʼম...।"তেতিয়া ৰেখাক বদনামী কৰিব পৰা নাছিল যদিও চক্ৰান্ত কৰি অফিচত কাম কৰা ল'ৰা দিপকৰ হতুৱাই দুই লাখ টকা দি ৰেখাক ফুচুলাই বিয়া কৰোৱাই শাস্তি দি অপমানৰ প্ৰতিশোধ লʼলে ।
ৰেখাৰ ঘৰত সতিয়া মাক , জন্মৰ সময়ত ৰেখাই মাকক হেৰুৱায় । দুই বছৰ আগতে দেউতাকক হেৰুৱায় , টিউচন কৰি সতিয়া মাকৰ অত্যাচাৰত কোনোমতে দিন পাৰ কৰি হঠাৎ আশাৰ চাকি গছি জ্বলি উঠিল দিপকৰ বিয়াৰ প্ৰস্তাৱ পায় । কিন্তু সেয়াও মিছা । দিপকৰ লগত বিয়াৰ দিনা ৰাতি থাকিব লগা হ'ল বেলেগ বিছনাত , মাজে মাজে ৰুমলৈ লৈ আহে নতুন নতুন ছোৱালী । কিন্তু আজি কেইদিনমান ধৰি অলপ পৰিৱৰ্তন । হঠাৎ আজি বাহিৰত ফুৰিবলৈ লৈ যোৱাৰ সিদ্ধান্ত...
ৰুমৰ ভিতৰৰ প্ৰকাণ্ড মানুহজনে বিভৎস চাৱনিৰ কুটিল হাঁহিৰে কৈ উঠিল -"তোমাক কলেজত প্ৰথম দেখাৰ দিনাও স্পৰ্শ কৰা নাছিলোঁ আৰু আজিও তোমাক স্পৰ্শ নকৰোঁ । কিন্তু তোমাক আজিৰ পৰা মানুহে বেশ্যা বুলি ক'ব , তোমাক মই জীয়াই জীয়াই মাৰিম ; এদিন তুমি তোমাক মোৰ চৰণত সমৰ্পণ কৰিব লাগিব আৰু এদিন নহয় এদিনতো আহিবই লাগিব তেতিয়াহে তোমাক ক্ষমা কৰিম...। " শেষত মানুহজনে বহুত ৰাতি দিপকৰ ঘৰৰ সন্মুখত থৈ আহিল ৰেখাক । ৰেখাই ৰুমত সোমাই দিপকক বেলেগ ছোৱালীৰ লগত দেখা পালে...। দিপক দৌৰি আহি ৰেখাক "বেশ্যা" বুলি কৈ ডিঙিত ধৰি ৰুমৰ পৰা উলিয়াই দৰ্জাখন বন্ধ কৰি দিলে । বেশ্যা নাম লৈ ঠিকনাবিহীন হৈ লক্ষ্যহীনভাৱে গতি কৰিবলৈ ধৰিলে ৰেখাই । হঠাৎ পিছফালৰ পৰা গাড়ী এখনৰ পৰা ল'ৰা এজন নামি আহি জোৰকৈ ধৰি গাড়ীখনৰ ভিতৰলৈ তুলি লৈ গ'ল ৰেখাক...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ