এজাক সপোন যেন বৰষুণ-নীল প্ৰজাপতি

Rinku Rajowar
0
কবিতাৰ চোতালখনত এতিয়া খৰাং, 
বোকা দি থৈ দিয়া পথাৰৰ
শুকান বুকুত মেলা চিৰাল ফাট!
অভিমানী বৰষুণজাকে মেঘৰ প্ৰৰোচনাত 
দি যায় বিচ্ছেদৰ এখিলা পাত!
মাথোঁ ছাঁ আৰু পোহৰৰ খেল!
পিতাইৰ চিঙা গেঞ্জিটোত
ওলমি ৰোৱা শুকান সেউজীয়া সপোনটো
আজি অপেক্ষাৰত
এজাক বৰষুণ আহিব!
এজাক প্ৰেমৰ বৰষুণ
এজাক সপোনৰ বৰষুণ
এজাক কৃষকৰ জীৱনৰ বৰষুণ! 
এজাক কবিৰ কবিতাৰ বৰষুণ! 

✍️নীল প্ৰজাপতি 
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)