উপদেশতকৈ আৰ্হি ভাল-মানস প্ৰতীম মালী

©Admin
0
উপদেশতকৈ আৰ্হি ভাল ।
বহুত মানুহেই আনক উপদেশ দিয়ে , কিন্তু নিজেও আনক দিয়া উপদেশৰ নিয়ম মানি চলে ।
          আন কিছুমান মানুহে আকৌ আনকি উপদেশ দিয়ে কিন্তু নিজে নীতি নিয়ম একো নামানে । এইবোৰ মানুহৰ বাবেই আনৰ ভালৰ বাবে কিবা কলে উপদেশতকৈ আৰ্হি ভাল বুলি প্ৰত্যুত্তৰ দিয়ে ।
          নজনাকৈ কোনো মানুহে যিকোনো এটা কথা নকয় , কিবা কবলৈ হ'লে সেই বিষয়ে অকণমান হ'লেও জানিব লাগিব । আনক শুদ্ধ কৰাৰ আগতে নিজে শুদ্ধ হ'ব লাগিব । নিজে নিকা হলেহে আনকো শুধৰাব পাৰিব ।
         নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা মানুহজনে যেতিয়া নিজৰ অকণমানি লৰাটোক বিলাসী জীৱন কটোৱা উপদেশ দিয়ে , তেতিয়া তেওঁ এবাৰলৈও ভাবি নাচায় , তেওঁ  বিলাসী জীৱন কটোৱাৰ আশা কৰি মাক দেউতাকে কৰা কষ্টৰ মূল্য তেওঁ কি দিলে ? 
           গছ কটা মানুহজনে যেতিয়া তেওঁৰ লৰাজনক উপদেশ দিয়ে " গছপুলি ৰুব লাগে , গছ থাকিলেহে আমাৰ দৰে মানুহবোৰো জীয়াই থাকিব " তেতিয়া তেওঁ এবাৰলৈও ভাবি নাচায় তেওঁ কৈছে কি আৰু কৰি আছে কি ? 
          আমি দিয়া সেইটো উপদেশ আন মানুহে পালন কৰিব যিটো উপদেশ প্ৰথমে আমি পালন কৰিম , আৰু তেতিয়াই উপদেশকৈ আৰ্হি ভাল বুলি কোৱাজনক আমি পালন কৰা কামৰ প্ৰমাণ সহকাৰে দেখুৱাই দিব পাৰিম  । তেতিয়াই তেওঁ বুজি পাব যে সকলো মানুহে নিজে পালন নকৰাকৈ উপদেশ নিদিয়ে !
           আমাৰ সকলোৰে জীৱনবোৰ তেতিয়াই সুন্দৰ হৈ পৰিব , প্ৰথমে আমাৰ সমাজখন সুন্দৰ হ'ব , আৰু সমাজখন সুন্দৰ হ'বলৈ হ'লে আমাৰ মনবোৰ সুন্দৰ হ'ব লাগিব । ইজনে আনজনৰ লগত কাজিয়া ভেদাভেদ , এইবোৰ পাহৰি সকলোৱে একেলগে এখন সুন্দৰ সমাজ গঢ়ি তুলিব লাগে ।

✍️মানস প্ৰতীম মালী
    বৰিহাট , মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)