এবাৰ হাঁহিবলৈ
হাতখন আগুৱাই দে অ',
তইয়ে হ' মোৰ আদৰ্শ প্ৰেমিক
তোৰ বুকুতে লীন যাওঁক মোৰ আধৰুৱা মৰহা কলিজা।
তইয়ে হ' মোৰ জীৱন বন্তি,
সিঁচি দে মৰম এহালিচা
কৈ দে মোক জীৱন ৰঙৰ
সকলো নতুন প্ৰতিভা।
তইয়ে মোৰ সপোন সুৱদী
আশাৰ এধানি অভিক্ষা,
অ মোৰ আদৰ্শ প্ৰেমিক
হেঁপাহৰ আপোন কলিজা
দি দে মোক তোৰ সকলো মৰম।
জীয়াই তোল মোক আকৌ
হেঁপাহ পথত খোজ দিওঁ বল
জীৱন কৰি পথৰুৱা
আশাৰ খুটিৰ তৰুৱা কদম
অ সোণসেৰীয়া দলিচা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ