শাৰদী ৰাণী-দিপশিখা ৰাজকোঁৱৰ

পংখী মৰাণ
0
শৰতৰ বতৰ আহিলে
মোৰ মন পক্ষী হৈ উৰে
শুকুলা মেঘৰ সতে
পাতিব মন যায়
হৃদয়ৰ বহু গোপন কথা ।
নিজৰাৰ পাৰৰ কুলু-কুলু শব্দ শুনি
লিখিব মন যায়
অনুভৱৰ এটি কবিতা
ৰূপোৱালী জোনাকীয়ে
সেয়ে চাগৈ মোক
দি যায় শৰতৰ বতৰা ।
শৰতৰ বতৰত শেৱালি ফুলে
দূবৰিৰ দলিচাত নিয়ৰৰ কণাবোৰ
মুকুতা হৈ জিলিকে
নৈৰ পাৰত মৃদু বতাহত
কঁহুৱা আৰু ঝাও বনবোৰ
হালে জালে...!
মোৰ হৃদয়ত এটি 
সুৰৰ ঝংকাৰ বাজে
অ শাৰদী ৰাণী
তুমি আহি দিয়া মোক
আশাৰ বতৰা.......!!

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)