তই গাঁৱৰ ল'ৰা
গাঁৱলীয়া হৈয়েই থাক ,
তই সৰু মানুহৰ ল'ৰা
সৰু হৈয়েই থাক ।
গাঁৱৰ সৰলতাবোৰ জীয়াই ৰাখিবি বোপা
নগৰৰ যান্ত্ৰিকতাবোৰৰ মাজত
হেৰাব নালাগে দে ।
নালাগে দে !
তই ডাক্তৰ ইঞ্জিনীয়াৰ হ'বলৈ ,
নালাগে দে !
চহৰৰ গৰম বায়ু খাবলৈ ।
চহৰৰ বোৰেনো কি কৰিছে ?
এজনে দিনত আৰ্জিছে ,
ৰাতি মদ-ভাং খাই
নলাই-নৰ্দমাই পৰিছে ।
বোপাই !
তই গাঁৱৰ ল'ৰা , গাঁৱতেই থাক ।
পথাৰত যিপুৰা মাটি আছে
তাতেই পুৱাতে গৈ হালখন মেলিবি ।
বাৰীত যিকেইজোপা তামোল- নাৰিকল আছে
তাকেই ভালকৈ পালিবি ।
গোহালিত গৰু আছে ,
ভঁৰালত ধান আছে ,
পুখুৰীত মাছ আছে ,
আৰুনো লাগিছে কি ?
নালাগে চহৰলৈ গৈ টকা ঘটিব !
নালাগে চহৰলৈ গৈ বৰ মানুহ হ'ব ।
দেখা নাই ?
চহৰবোৰ যান্ত্ৰিকতাৰ গৰাহত কিদৰে খহিছে ?
মৰম বিচাৰি মানুহবোৰে
কিদৰে হাহাকাৰ কৰিছে ?
ব্যস্ত চহৰবোৰত ,
মৰম নাপাবি অ' বোপা !
দেখা নাই দিন-দুপৰতে কিছুমানে
কেনেদৰে আনৰ টকা লুটিছে ?
দেখা নাই ভূমিকম্প আহিলে
বিলাসী অট্টালিকাবোৰ কিদৰে খহিছে ?
দেখা নাই চুবুৰীয়াই খৰচৰ ভয়ত
মাক-বাপেকবোৰক কেনেকৈ বৃদ্ধাশ্ৰমত পেলাইছে ।
সেয়ে কৈছোঁ বোপাই !
নালাগে হ'ব তই চহৰৰ ৰজা ।
সেউজীয়াবোৰৰ মাজতেই
জী থাক সদায় ।
বোপাই !
নগৰ নহ'লেও গাঁও চলিব
কিন্তু গাঁও নহ'লে যে চহৰবোৰ পলকতে মৰিব ।
গাঁৱেই নগৰৰ পিতৃ ,
গাঁৱেই নগৰৰ মাতৃ ,
গাঁওবোৰ যেন সদায় চিৰসেউজ
সেয়ে কৈছোঁ বোপা !
গাঁৱৰ ল'ৰা গাঁৱতেই থাক
গাঁৱৰ ল'ৰা গাঁৱতেই থাক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ