বাটৰুৱা ওলাইছোঁ হাটলৈ...
আশাৰে এযুৰি চকু চাই আছে বাটলৈ...
সুৰুযে পোৰা দেহা,
বাট হেৰালে আঁত হেৰাব
বহাগী ঘাটৰ বেহা...
বাটে বাটে মাত শুনিছোঁ
অচিন মানুহৰ মাত,
ধূলিয়ৰী সুবাসে পুতা
নিজান নদীৰ ঘাট...
সপোনৰো শেষ নাই,
নাইপিয়া খোজেৰে
জীৱনো আগুৱাই...
কুঁৱলীৰ আঁচল ফালি,
বাটৰুৱা ওলাইছোঁ হাটলৈ...
আশাৰে এযুৰি চকু চাই আছে বাটলৈ
🔳শ্যামল বৰা, সাপেখাতী