তেওঁক এখন হৃদয় লাগে ধাৰলৈ-প্ৰণৱ চক্ৰৱৰ্তী

পংখী মৰাণ
0
তেওঁ আগ্ৰহেৰে...
হৃদয় এখন ধাৰলৈ বিচাৰিছিল ।
তেওঁৰ অতদিনৰ 
আশা-আকাংক্ষাক
বৰ-পেৰাৰ পৰা উলিয়াই
হৃদয়খনৰ লগত চিনাকি
কৰাই দিয়াৰ মন ৷
তেওঁৰ বিশ্বাস..!
ধাৰলৈ নিলেও
হৃদয়খনে বুজিব তেওঁক ,
নুবুজিলেও কৰিব বুজি পোৱাৰ অভিনয় ৷
বিচাৰি হাবাথুৰি খোৱাৰ পাছতো
তেওঁ ধাৰলৈ এখন হৃদয়
যোগাৰ কৰিব নোৱাৰিলে ৷
কোনোবাই তেওঁক সুধিলে -
নিগাজিকৈ নিবিচাৰে কিয় হৃদয় ??
তেওঁ ক’লে
হৃদয়বোৰ অহংকাৰী..!
আপোন কৰিব খুজিলেই কৰে বেইমানী ৷।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)