শেৱালিৰ উচুপনি-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
শৰতৰ মাজনিশা তাই
বৰকৈ উচুপি উঠে
তাইৰ কান্দোন দূবৰি বনত
মুকুতা হৈ জিলিকে।
তাইৰ সুন্দৰ শৰীৰে
সকলোকে মোহিত কৰে
তাইৰ শৰীৰৰ পৰা ওলোৱা সুগন্ধিয়ে
কিমানক যে আকৰ্ষিত কৰে।
তাইৰ প্ৰেমত পৰি
সকলোৱে মতলীয়া হৈ নাচে।
কিন্তু তাই বৰ অসহায়
কাকো দুহাতেৰে আঁকোৱালি ল'ব নোৱাৰে
তাইৰ প্ৰেমত পৰা প্ৰেমিকৰ মনত
সিঁচি দিব নোৱাৰে
উন্মনা প্ৰেমৰ জোৱাৰ।
আনক সুখী কৰি ৰাখে তাই
কিন্তু তাইৰ অন্তৰৰ বিষাদ
কোনেও নাজানে
তাইৰ বাবে যে সদায়
মৃত্যুয়ে অপেক্ষা কৰি থাকে।
তাই কেৱল ৰাতিহে
জীপাল হৈ থাকে
কিন্তু পুৱা হ'লে তাই
বৰ দুৰ্বল হৈ পৰে।
দূবৰিৰ দলিচাত তাই
চকুলো টুকি শুই পৰে
তাই জীয়াই থাকিব বিচাৰিলেও
প্ৰকৃতিয়ে তাইক জীয়াই থাকিবলৈ নিদিয়ে
অসহায় শেৱালি তাই
তাইৰ উচুপনি কোনেও নেদেখে।

✍🏻দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)