শাৰীৰিক শক্তি নাই যদিও
মানসিক শক্তি ৰাখা..
জগতে নহ'লে গম পাব
তোমাৰ দুৰ্বলতা ।
সহজে হাৰ নামানিবা
সাহ-পিত ৰাখা ,
নহ'লে জগতে ক'ব
তুমিয়েই ভীৰুতা ।
যুদ্ধ এৰি নপলাবা
ৰক্ত ত্যাগো কৰা ,
কাপুৰুষতাক নিবাৰণ কৰি
পুৰুষত্ব দাঙি ধৰা ।।
সংকীৰ্ণতা ত্যাগ কৰি
নিঃস্বাৰ্থ হ'বলৈ শিকা ,
নিজৰো লগতে তুমি
দহৰো কথা ভাবা ।।