ভাল লগা সময়বোৰ একেলগে নাহে-জিন্টু মনি কলিতা

©Admin
0
সেই দিন নাহে কেতিয়াও যি দিন তুমি ভালপোৱা,
সেই ফুল নুফুলে কেতিয়াও যি ফুল তুমি ভালপোৱা।
সেই সময় নাহে কেতিয়াও, য'ত তুমি মই ভালপোৱা সকলো বিৰাজমান, 
মনৰ আশাবোৰ যে মনতে ৰৈ যায়, 
কাৰণ ছয় ঋতু একেলগে নাহে কেতিয়াও। 

সময় ৰৈ নাথাকে কেতিয়াও কাৰো বাবে 
বেলি লহিয়ালেও গৰখীয়াই এৰি থৈ আহে চৰণীয়া পথাৰ, 
পশ্চিমৰ বেলিটিয়ে কৰে লৰা ঢপৰা, 
আধৰুৱা হয় ৰিব্‌ ৰিব্‌ বতাহ জাকৰ সৈতে পতা মনৰ গোপন কথাবোৰ। 

তুমি ভালপোৱা সময়ত মই আছিলোঁ 
এটা খালী জুইশলা বাকছ পেলাই থৈছিলা পৰি আছিলোঁ পেহী আইৰ শালত। 
এতিয়া হৈ পৰিছো মমৰ আগত জ্বলা পূৰ্ণাংগ এটি শিখা তোমাৰ কাষত জ্বলিব খোজোতেই ফু মাৰি নুমালা দিনৰ ৰং সমূলি পাহৰি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)