“ লাজ ” সম্পৰ্কে বিভিন্ন সময়ত গীত, কবিতা , মহৎলোকৰ বাণী, নিবন্ধ ইত্যাদিৰ জৰিয়তে চৰ্চা হোৱা দেখা পাই আহিছোঁ। বিশেষকৈ 'লাজ লাজ লাজ ভণ্টি নকৰিবা আমালৈ লাজ, 'লাজৰে ওৰণি সৰি পৰে আজি' আদি গীতৰ উপৰিও উদীয়মান নিবন্ধকাৰ পৰেশ দাসৰ 'লাজ' শীৰ্ষক নিবন্ধটোও বিশেষভাৱে উল্লেখযোগ্য বুলি ভাবোঁ ।
লাজ সম্পৰ্কে মোৰো মনত দুটি মান কথাই বৰকৈ দোলা দি আছে সেয়ে মনৰ অনুভৱবোৰ মুকলি কৰি দিলোঁ।
নিজক আৱিষ্কাৰ কৰি সু-শৃংখল জীৱন এটা গঢ়ি তুলিব হ’লে আমি কিছুমান কামত লাজ কৰা উচিত। আমি অসমীয়া হৈ বজাৰ আৰু পথাৰৰ অভিজ্ঞতা নাই বুলি আধা অসমীয়া আৰু আধা ইংৰাজী শব্দ প্ৰয়োগ কৰি গৌৰৱেৰে কোৱাটো সঁচাই লাজৰ কথা। ঘৰত খেতি উপযোগী মাটি থকাৰ পিছতো খেতি নকৰি বজাৰৰ পৰা অত্যাধিক মূল্যৰে কিনি অনা সাৰযুক্ত শাক - পাচলিৰে ভৰপূৰ মোনাটো দাঙি আনিবলৈ আমি লাজ কৰা উচিত। অসমীয়াৰ স্বাভিমান গামোচাখন শিপিনীয়ে তাত শালত বৈ নুলিয়াই পোনে পোনো বিদেশী শালত বৈ উলিওৱা গামোচা বজাৰৰ পৰা কিনিবলৈ অসমীয়াই লাজ কৰা উচিত। অধিক সচেতন দেখুৱাই সন্তানক বিদ্যায়ত থ'বলৈ অহা অভিভাৱক সন্তানৰ বেগত যেতিয়া শিক্ষকে এখনো কিতাপ বহী বিচাৰি নাপায় সেই দ্বায়িত্বহীন অভিভাৱক সকলে লাজ পোৱা উচিত ।পিতৃ - মাতৃক বৃদ্ধাশ্ৰমত ৰখাটো বৰ লাজৰ কথা।মিছাৰ আশ্ৰয় লোৱা, আনৰ লেখা চুৰ কৰি বা বঁটা বাহনৰ পিছত দৌৰি বাহঃ বাহঃ লোৱাটো বৰ লাজৰ কথা ।
এইটো নিশ্চিত যে, এনেবোৰ কাম কৰিবলৈ যিয়ে লাজ কৰিব সেইজনেহে নিজে নিজক আৱিষ্কাৰ কৰিব পাৰিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ