আছোঁ আহি ৰৈ,
চাই থাকোঁ ক্ষণে-অতিক্ষণে
পদুলিৰ বাট মুখলৈ।
ফুল এপাহ হাতত লৈ
হিয়াই-হিয়াই,
দুচকু নয়নে- বিচাৰি যায়
এবাৰ চোৱাৰ হেঁপাহ লৈ।
নেদেখাত জানো কিয়?
বুকুত হেঁচা মাৰি ধৰে!
হেজাৰ সপোন সাঁচি লওঁ
মন আশীষৰ বনত।
তুমি আহিবা বুলি
ৰাখিছোঁ সযতনে,
নঠঙা হৃদয়ৰ বননিত
এপাহি কুসুম।
তুমি আহি জিৰাবা বুলি
মেলিলোঁ শেৱালি ফুল
আশা, বাসনাৰ ৰঙীন সপোন সাঁচি,
আছোঁ আহি ৰৈ
তোমাৰ পদুলিৰ বাট মুখলৈ।
Great 👍👍 keep it up dear 💐💐
ReplyDeleteWonderful
ReplyDelete😊😊😊... তোমাৰ কবিতাটো পঢ়ি পঢ়ি নিজকে কবি কবি লাগিছে...
ReplyDeleteকেইবাবাৰো পঢ়িলো ... 👌👌👌
শেৱালী... তোমাৰ এই কবিতাটো সাঁচি থলো... 😊😊😊
ReplyDelete