সোণালী সূতাৰ সপোন অধ্যায় ৪ - ড° মৃদুল চন্দ্ৰ শৰ্মা

Rinku Rajowar
0
চোমনিৰ পৰা স্বৰ্ণীল দৌৰি আহি দেউতাকক ক'লে মুগাৰ ছাই উৰিছে । মুগা পালকৰ সুযোগ্য সন্তান স্বৰ্ণীলে ইতিমধ্যে মুগাৰ সকলো কথা জনা হ'ল । প্ৰথম ছাল কটা (ছাই উৰা), দুই ওলোৱা, তিনি ওলোৱা, মাইকী ওলোৱা সকলো । মুগা পকোতে তাৰ আনন্দৰ পাৰ নোহোৱা হয় । গধূলিৰ পৰা জোমা মুগাৰ ওচৰত ৰৈ থাকে । মাকে চিঞৰি থাকে চোমনিৰ তলত নাথাকিবি । জলম পৰি কাপোৰ নষ্ট হ'ব । সি নুশুনে, পকা পলু কেইটা ধৰি পাচিত আনি জালিত দিয়া সকলো কামত আগভাগ লয় । ঠিক এইদৰে এৰী পলুকেইটাকো এৰা, কেছেৰু পাত আনি খাবলৈ দিয়ে । মাইকী ওলোৱাৰ পাছত পলুবোৰে শব্দ কৰি পাতখোৱা চাই সি বৰ‌ আনন্দ লাভ কৰে । মহেনেও তাক এনে কামত বাধা নিদিয়ে । মহেনে লাহে লাহে অনুভৱ কৰিছে, তাৰ সঁচাকৈয়ে বয়সহৈ আহিছে । সেইদিনা মুৰত দুডালমান পকা চুলিও পাইছিল । দৰ্শনাৰ চকুৰ গুৰিবোৰ ক'লা পৰিছে । মাকো দূৰ্বল হৈ আহিছে, বৰকৈ ঘূৰামেলা কৰিব নোৱাৰা হ'ল । এদিন হঠাতে বাৰান্দাত মূৰ আচন্দাই কৰি পৰি গ'ল‌ । মহেনে লৰালৰিকৈ গাড়ীখনত উঠাই ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ গ'ল । চিনাকি ডাক্তৰ জনে মাকৰ চকুৰ পতা টানি চাই ক'লে পেহীদেউ চিন্তা নকৰিব । তাৰপিছত মহেনক একাষৰীয়াকৈ মাতি চিকিৎসালয়ত ভৰ্তি কৰিব ক'লে । উচ্চ ৰক্তচাপৰ লগতে হাৰ্টৰ অসুখ ধৰা পৰাত প্ৰায় এসপ্তাহ চিকিৎসালয়ত ‌থাকিব লগা হ'ল । কিন্তু মহেনৰ মাক আৰু ঘৰলৈ ঘূৰি যাব নোৱাৰিলে । ৰাতি উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰাত অক্সিজেনৰ ব্যৱস্থা কৰিও মাকক বচাব পৰা নগ'ল ।  শ্মশানৰ পৰা শূণ্য মনটোলৈ ঘূৰি আহোঁতে মহেনে চকুলো বন্ধ কৰিব নোৱাৰিলে । দহা কাজত ব্যস্ততাৰ মাজত মহেনে দুখবোৰ পাহৰি আছিল । দৰ্শনা আৰু স্বৰ্ণীলে কান্দি কান্দি ব্যাকুল হ'ল । দহা, ভোজ হোৱাৰ পাছত মহেনৰ ঘৰখন কিবা শূণ্য তাৰে ভৰা যেন লাগিল । গধূলি অকলশৰে পাছফালৰ বাৰীখনলৈ গৈ সি সৰু ল'ৰাৰ দৰে ৰাউচি জুৰি কান্দিব ধৰিলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)