ধাৰাবাহিক উপন্যাস সূৰ্যোদয় খণ্ড- ২১ - ৰাাজেন দাস

Rinku Rajowar
0
(১) 
নবদ্বীপ বাইদেউ ৰ সেই বাক্যশাৰী নেট/জেআৰএফ/চেট/শ্লেট ইত্যাদি ৰ বাবে মূলমন্ত্র।  লাখ লাখ ল'ৰা-ছোৱালীয়ে ফল' কৰে। ইউটিউব, ফেচবুক, আনএকাডেমি প্লেটফৰ্মত পঢ়াই। ফ্ৰিঅফ ক'র্চটো আছে। পেইড ক'ৰ্চও  আছে। যেনে-আনএকাডেমি। বহুতে উপকৃত হৈছে। বহু মানুহ জড়িত। তেওঁলোকৰ কৌৰ্চৰ নিৰ্দিষ্ট প্ৰাইচ থাকে। চাবচিটিও থাকে। অৱশ্যে মই ফ্ৰিলাৰনাৰ। বা বা আনএকাডেমি খন লাৰজেষ্ট প্লেটফৰ্ম।শিক্ষক, গৱেষক, ছাত্ৰ, ছাত্ৰী, এই দিশৰ সৈতে জড়িত বহুলোকে কামাইয়ো আছে নলেজো গেইন কৰি আছে। কুইজ দিয়ে। ভিডিও দিয়ে। অডিও দিয়ে। ৰেকৰ্ডিং দিয়ে। লাইভ ক্লাচ দিয়ে। কুইজ দিয়ে। ক্লাৰিটি চেচন/ডাউট চেচন দিয়ে।টকা পইচা সমস্যা নথকাৰ বাবে অজৰ অমৰ। সিহঁত এপপচ ডাউনলোড কৰিব দিব। ক্লাচৰ লিংক দিব। জইন হ'ব লাগে। প্ৰথমৰ পৰা কিছু ইউটিউৰ শিক্ষকে ফ্ৰিকৈও পঢ়াই। কিছুমানৰ পেইড আছে। বহু বেছি। তেনেই কমো নহয়। দিল্লীৰফালেটো ক'চিং চেন্টাৰ বহু আছে। য'ত অফলাইনত শিক্ষা লয়। অৱশ্যে তথ্য প্রযুক্তিয়ে হাততে স্বৰ্গ দিয়াৰ দৰে। ঘৰৰ ফোনতে সকলো পায়। গোলকটোত পৃথিবীখান সৰু হৈ গেছি। তেনেকা ফোনতো পৃথিৱী খন পাব পাৰি। নৱদ্বীপ বাইদেউ ৰ কথাখিনি বুকুত লৈ ক'ত শত ই আগবাঢ়িছে।
"চুচৌ, দৰো মত, তো হী লাইফ কো আগে বঢ়ানে কে লিয়ে কুছ না কুছ কৰনা পঢ়েগা। ইধৰ-ওধৰ ভটকনা মত। দিলচে আপনা কাম কৰোঁ। জীট তোম্হাৰী হী হোগী"। 


  (২) 
নবদ্বীপ বাইদেউৰ নাভি ক্লাচ, ,কুমাৰ ভৰত চাৰৰ let's crack NTA UGC-Net, টলবীৰ সিঙ চাৰৰ কমাৰ্চনেট এছিভাৰ্চ, ডিয়েৰ চাৰ চেনেল,শিখামণি চহৰীয়াৰ লাৰ্ণনিউইনআছামিজ, ভন্টী এজনীৰ আছাম ষ্টাডি আদি চেনেলবোৰৰ সহায় লৈছোঁ। যথেষ্ট উপকৃত হৈছোঁ।মোৰ দৰে লাখ লাখ কেন্ডিডেট উপকৃত হৈছে। পঢ়ে। শিকে। পঢ়া-শুনা কৰে যি গুণী-মানী হয় সি। কথাখিনি সুধিলে মই জনাখিনি ক'বলৈ কৃপনালী নকৰোঁ।বিশেষ চেনেলকেইটা ৰিকমেন্ট কৰোঁ। চাৰ্চ-চাবক্ৰাইব-লাইক-কমেন্ট-চেয়াৰ-ঘন্টা বজোৱা এই প্ৰক্ৰিয়া খিনি কৰি ল'ব লাগে। তেতিয়া তেওঁলোকৰ আপডেট খিনি পাই থকা হয়। সোনকালেই কথাখিনি পোৱা হয়। ভিউ, লাইক, কমেন্ট, চেয়াৰ, চাবক্ৰাইব ৰ ওপৰত নিৰ্ভৰ কৰি ইউটিবাৰসকলে পইচা উপাৰ্জন কৰে। কিছু মানুহ মৰিযায়। মৰি গ'লেও ঘটিয়েই থাকে। লিজেণ্ডহৈ যায়। জনপ্রিয় হৈ যায়। মাইকেল জেকচনৰ কথাই ভাবক। কিছুমানৰ বাবে সি ইছ  গ'ড। আৰু বহুত কিবা কিবি। 

  (৩) 
নাট্যানুষ্ঠানৰ দিশত সপোনজ্যোতি ঠাকুৰ চাৰ। সাহিত্যৰ নানান দিশত ড নগেন শইকীয়া চাৰকে প্ৰমুখ্যে কৰি প্ৰফুল্ল চন্দ্ৰ বৰা চাৰ। কবিতাৰ দিশত নীলমণি ফুকন (কনিষ্ঠ) চাৰ, ভাষা, উপন্যাস সাহিত্য ৰ দিশত ড নগেন ঠাকুৰ চাৰ, বোলছবিৰ দিশত জয়মতী ৰ নায়িকা আইদেউ সন্দিকৈ, বিদ্ৰোহৰ দিশত কুশল কোঁৱৰ আৰু বহুত আছে। 
গোলাঘাটত কি কি পাম।দাদা ক'বচোন।কেতিয়াবা গ'লে চাই আহিম ৰ।গোলাঘাটত দেখিবলৈ পাবি বহুত কিবা কিবি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,কাজিৰঙাৰ অৰ্কিড, গৰমপানী অভয়াৰণ্,নামবৰ দৈগ্ৰুং অভয়াৰণ্য ,বীৰাংগনা সাধনী কলাক্ষেত্ৰ,ৰবীন বেনাৰ্জী সংগ্ৰহালয়,যমুনা অভৰাণ্য ধৰ্মীয় অনুষ্ঠান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ইত্যাদি। গৰমপানী অভয়াৰণ্,নামবৰ মপানী অভয়াৰণ্,নামবৰ দৈগ্ৰুং অভয়াৰণ্য ,বীৰাংগনা সাধনী কলাক্ষেত্ৰ,ৰবীন বেনাৰ্জী সংগ্ৰহালয়,যমুনা অভৰাণ্যধৰ্মীয়, অনুষ্ঠান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ইত্যাদি।  
(৪) 
লাহে লাহে পৰীক্ষাও কাষ পাইছেহি। যুদ্ধংদেহী মনোভাৱ। KKHSOUত প্ৰতি দেওবাৰে ক্লাচ হৈ থাকে। কেতিয়াবা নহয়। চলিবলৈ বৰ অসুবিধা হয়। উপায়ো নাই। টিউশন কৰিও বেছি পইচা নেপাঁও। ঘৰ ভাড়াও বিচাৰি থাকে। ভাড়া দিমেই।মোৰ কন্ডিশনটো বুজি পাঁওক বুলিয়েই সৰু-সুৰা কাম কৰি দিওঁ। তথাপি ৰেহাই নাই। কিন্তু কামৰ বাবদ ভাত, চিৰাদৈ আৰু পইচাও বীণা ববৌএ দিয়ে।
" কুকাৰটোত চাউল লৈ ধুবলৈ গৈ থাকে। ক্লাচো ইউটিউব ত কৰি গৈ থকা আমি নিজে শুনিছোঁ। ই ভাল ফল পাবই। জকাইচুকৰ পৰা আহি অদ্ভূত কষ্ট কৰি আছে। দিনত লোকক পঢ়াই-শুনাই। ৰাতি নিজৰখিনি কৰে। কেৰম সন্ধিয়া আমাৰ বিতু লগৰকেইটাই খেলিবলৈ আহে। সি তেতিয়া বাচন ধোৱা, মেডিটেশন কৰা, ৰন্ধা-বঢ়া, মা কৰ সৈতে দুই-এষাৰ কথা পতা, লগৰবোৰৰ সৈতে প্ৰয়োজনীয় কথা পতা, কেতিয়াবা শুই লয় দুঘন্টা। কেতিয়াবা খাই-বৈ আজৰি হৈ লয়। তাৰ পিচত সি কেইবাঘন্টাও ফোন অফ কৰি খুব পঢ়ে। মাত ভাগি যায়। মাতি থাকিলেও নুশুনে।নামাতে। আমি বেয়াও নেপাঁও। আৰ্শীবাদ সদায় আছে আগবাঢ়ি যা... "
লকডাউনৰ সময়ত ঘৰখনে সহায় কৰিলে। পইচা সেই সময়ত বিচাৰি আমনি নিদিলে। চিটুৱেশ্যনৰ সৈতে নিজে মুখামুখি। তাৰ পিচত মই পইচা তিনি অলপ অলপকৈ দি থাকোঁ। সমস্যা খিনিৰ  কথাও কৈ থাকোঁ। মেললৈ ধান ঠেলাত লৈ যাঁও, হালধী পিচিবলৈ ববৌৰ লগত গৈ দিও, খৰি ফালি দিও, খেৰৰ ঘৰ সাজি দিওঁ, চোতালৰ বন কোৰেৰে চুঁচি দিওঁ, ঘৰৰ কাৰণ হাবি বননি কাটি তহিলং কৰি দিওঁ, বাৰীৰ কঁঠাল পাৰি দাঙি আনি দিও, গাইজনী বাঢ়নীত হেৰালে টৰ্চ লৈ বিচাৰি দিওঁ, চেগাচোৰোগাকৈ বজাৰ কৰি দিওঁ, টিনপাতত বগাই থকা কোমোৰা নমাই দিওঁ, টিনপাতৰ ফুটাইদি পানী সৰকি আহে সেইয়া ঠিক কৰি পাগল হৈ থাকোঁ।আমাৰ ঘৰটো  চালে আকাশ দেখা। সেয়েহে অলপ সহ্য কৰোঁ। সকলোৱেৰে ক্ষেত্ৰত বেছিটো ভাল নহয়। ৰোমত পানীয়েই পানী। সিহঁতক বহুদিন পানী পৰাৰ কথা নোকেৱাকৈয়ে আছিলোঁ। 
"পানী পৰিছে নেকি? টিনপাতো দিন হ'ল যে। বহু দিনীয়া। 
নাই, নাই পৰা ববৌ।
সিহঁত ঘৰৰ মালিক। ঘৰবোৰ মেৰামতি কৰি থাকিব লাগে। পুৰণি সামগ্ৰীৰেই চলাই থাকিলেটো নহ'ব ন। আমি মানুহ। জন্তু নহয়। নিজে পকীৰোমৰ ভিতৰত থাকে। আমাৰ কমদামী কোঠা।অৱস্থা ভাল নহয়। পইচা নাই বাবে উপায়ো নাই। তথাপি কমদামী হ'লেওটো আমি প্ৰাপ্য সুবিধা পাবই  লাগব। "
দেউতা পানীৰ মানুহ। বোকা পানী দেউতাৰ আভূষণস্বৰূপ। মইয়ো পানীৰ জাগাৰ মানুহ সহি সামৰি চলি যাম। বৰষুণ আহিলে বাল্টিয়ে বাল্টিয়ে পানী বাহিৰলৈ পেলাই দিওঁ। হে প্ৰভূ কি বিপদত পেলালে। পঢ়া-শুনা কৰি নিজৰ এইমটোলৈ যাবলৈ কত কষ্ট তাতে আকৌ পানী পৰা ঘৰত পানী কঢ়িয়াই জান মৰি গৈছে। গানটো মনত পৰে আকৌ। কি আছিল। কি আছিল। মনত পৰিলে। 
"টিপটপ দেখিলে আহোঁ বুলি নকবা মাজনী ,মাজনী ঐ আমাৰ নো পানী পৰা ঘৰ, হাতত চৰিয়া লৈ পানী টুকিব লাগিব, মা জনী ঐ হ'ব নো পানী লগা জ্বৰ.... "
সেয়েহে ভাড়াটিয়া সকলে ঘৰটো ভালকৈ চাই ল'ব লাগে। মালিককো জানি বুজি লব লাগে। বিপদে আপদে যাতে বুজি পাই। পইচা দিয়া দুই এদিন আগ-পিচ হ'ব পাৰে সেইখিনি স্বাভাবিক। ঘৰৰ পৰা মই পইচা বিচাৰিব নোৱাৰোঁ। মাষ্টাৰ ডিগ্ৰী কৰিবলৈ কে কত যে কি , ক'ৰপৰা ধাৰ লৈ, সুত লৈ পঢ়ালে। খুজি মাগি পঢ়ালে।মা-দেউতা মোৰ ভগৱান। এতিয়া টেঁটুগুৰিলৈকে উধাৰ আছেই। 
 

  ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)