দাপোণত দেখা
মোৰ প্ৰতিবিম্বক সুধিলো ?
মই কোন ?
তুমি জানা নে ?
বহুদিন ধৰি সুধি আছো
নিমাত কিয় ?
পৰিচয় সন্ধান বিচাৰি
চলাথ কৰিলো অলিয়ে-গলিয়ে
আকাৰ বিহীন মোৰ পৰিচয় ।
তথাপিও স্পৰ্শ কৰো
মই ভাষাৰে আত্মাৰে আৰু
পবিত্ৰ মনেৰে
এখন সুক্ষ্ণ জগতৰ পৰা
মহাজগতলৈ
পৃথিৱীৰ পৰা চন্দলৈ
এয়াই মোৰ আপোন, আৰু দাপোণৰ , শুদ্ধ পৰিচয় ।
°°°°°০০০০০০°°°°°°°°°
ৰঞ্জু গায়ন ( বৰুৱা )
নামৰূপ
ফোন নং- ৯৯৫৪১২৬৩৪৬