আমি আনৰ প্ৰাপ্তিৰ সুখত সুখী হ'ব নোৱাৰোঁ কিয়?

Rinku Rajowar
0
✍️কনমনি নাথ (বাক্সা)
📲৯৯৫৭৮৪৬৯৯০


আপুনি কৰি অহা দৈনন্দিন  কাৰ্য বা আচৰণৰ কোনো এটা দিশ আন কোনোৱে ভাল নাপাব পাৰে। আৰু আপুনিও আনে কৰা কোনো কাৰ্য বা আচৰণ সমূহৰ কোনো এটা দিশ বেয়া পাব পাৰে। 
( সামাজিক পৰিবেশ বিনিস্ত কৰা সমৰ্থনৰ কথা কোৱা  নাই )
সেই বুলি আমি সেই কাৰ্য বা দিশ সমূহ একেবাৰে বেয়া পাওঁ বুলি সম্পূৰ্ণ আঁতৰি অহা উচিত নহয় বুলি ভাবোঁ, কিয়নো তেনে আচৰণৰ পৰা কিছু পৰিমাণে হলেওঁ সেই ব্যক্তি জনে মানসিকভাৱে অশান্তি পাব পাৰে যদি আপুনি কাষতে থাকি কেনেকৈ আৰু অধিক উৎকৃষ্ট মানদণ্ড ৰূপত প্ৰতিষ্ঠিত কৰিব পৰা যায় সেই দিশত পৰামৰ্শ এটা দিব পৰাৰ মানসিকতাৰ আগ্ৰহ বা প্ৰেৰণা দিয়াৰ খুবেই প্ৰয়োজনীয়তা আছে। তেতিয়া সেই ব্যক্তি জনে অধিক উৎসাহিত হৈ আগুৱাই   যোৱাৰ ক্ষেত্ৰত বিশেষ সহায়ক হ'ব।  
উদাহৰস্বৰূপে,
ধৰা হ'ল আপুনি ফুটবল খেলি বা দুটা দলৰ মাজৰ তয়াময়া ৰণৰ দৃশ্য উপভোগ কৰি ভাল নাপাই বা লিখা মেলা কৰি বা পঢ়ি একেবাৰে বেয়া পাই! কিন্তু আপুনি সম্পূৰ্ণ জ্ঞাত যে, ফুটবল খেল দুটা দলৰ মাজৰ তয়াময়া কৌশল চোৱাৰ পৰা অধিক মনোৰঞ্জন পোৱা যায় আৰু ফুটবল খেলিলে ব্যক্তি এজনৰ শাৰীৰিক অনুশীলনত বিশেষ লাভৱান হ'য়। আনহাতে, লিখা মেলাৰ জৰিয়তে ব্যক্তি এজনৰ জ্ঞান, বুদ্ধি বিকাশ ঘটি ন ন লিখনিৰ যোগেদি ভৱিষ্যতে এজন কবি, নিৱন্ধকাৰ, গল্পকাৰ, উপন্যাসিক বা জনপ্ৰিয় লিখক হিচাপে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে। যদি আপোনাৰ কোনো বন্ধু, আত্মীয় বা সম্পৰ্কীয়ই ওপৰত উল্লেখিত দিশ সমূহত খুৱ আগ্ৰহ প্ৰকাশ কৰি শিকিবলৈ চেষ্টা বা আগ্ৰহ দেখুৱাই থকাৰ  কথা জানে বা দেখা পাই তেতিয়া আপুনি সেই বন্ধু, আত্মীয় বা সম্পৰ্কীয় জনক পোনে পোনে কৈ দিয়ে যে, সেইবিলাক কাৰ্য কৰা ভাল নহয়, একো লাভ নহয়, অভ্যাস নকৰাই ভাল! তেতিয়া বন্ধু বা আত্মীয় জনে মনত বহুত দুখ পাই মানসিক ভাৱে ভাঙি সেই দিশৰ পৰা সম্পূৰ্ণ আঁতৰি আহিব আৰু হয়টো কোনোৱে তেনে কথাক আওঁকাণ কৰি নিজৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি নিজৰ কৰণীয় কাৰ্য সমূহ আগ্ৰহেৰে সূক্ষ্মভাৱে কৰি যায় তেতিয়া নিশ্চয় চেষ্টা বিফল নহয় আৰু তেনেকৈ সৰু সৰু সফল প্ৰাপ্তি পাবলৈ আৰম্ভ কৰে তেতিয়া বন্ধু, আত্মীয় বা সম্পৰ্কীয় সকলোৰ পৰা কেতিয়াও কোনো উৎসাহ মূলক বাৰ্তা বা ভুল বোৰ আঙুলিয়াই দিয়াৰ কিঞ্চিৎ মানো সহাঁৰি নজনাই। প্ৰকৃতাৰ্থত আমাৰ সমাজ ব্যৱস্থাত তেনেকুৱা প্ৰবৃত্তিৰ কিছু সংখ্যক লোক থাকেই। দিনক দিনে স্বাৰ্থপৰ হৈ পৰিছে। মাত্ৰ নিজক লৈ ব্যস্ত,  নিজে কৰা বোৰ ভাল। আনৰ উন্নতি বা ভাল হোৱাটো কেতিয়াও নিবিচাৰে সদায় নিম্ন পৰ্যায়ত সীমাবদ্ধতা হৈ থকাটোকে কাম্য কৰে। মানসিকতা বোৰ নিম্ন পৰ্যায়লৈ গৈ ঠেক মনোভাৱৰ হ'বলৈ ধৰিছে।
সঁচা অৰ্থত আমাৰ মানসিকতা, ধাৰণা সমূহ এনেকুৱা হোৱা উচিত যে, মোৰ ভাল নলগা দিশ সমূহ আন কাৰোবাৰ ভাল লাগিব পাৰে গতিকে আমি সেই ব্যক্তি জনক মোৰ বেয়া লাগিল বুলিয়ে থাট্টা বা সেই দিশৰ পৰা এৰাই চলাতকৈ খন্তেক সময়ৰ কাৰণে হলেও ভাল লগাবলৈ চেষ্টা কৰি ব্যক্তি জনক উৎসাহ মূলক দুষাৰ কথা প্ৰকাশ কৰিব নোৱাৰোঁ নে ?
যদি আপোনাৰ এষাৰ কথাই কোনো এজন ব্যক্তিক উৎসাহিত কৰি আগুৱাই যোৱাত বিশেষ সহায়ক হ'ব পাৰে তেতিয়া আপুনি লাইক বা ভাল মন্তব্য দিয়াত কৃপনালি কৰিব লাগে নে ?

গতিকে মই ভাবোঁ আমি টকা পইচা দি সহায় কৰিব নোৱাৰিলে ওঁ গঠন মূলক কথা বা ভূল দেখিলে ভূল বোৰ গঠন মূলক চিন্তাৰ মাধ্যমেৰে আঙুলিয়াই দি নৈতিক দায়িত্ব স্বীকাৰ কৰোঁ তেতিয়া আপুনি নিজেই আনৰ প্ৰাপ্তিৰ সুখত সুখী অনুভৱ কৰিব পাৰিব তেতিয়া দেখিব আপোনাৰ জীৱনটো সকলোঁ দিশতে প্ৰাপ্তি হ'ব পাৰিছে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)