সুখী ডট কম -শতাব্দী শৰ্মা

0
সেয়া ৰাস্তাৰ কাষত কৰুণ শৈশৱ 
মাতৃৰ লগত পলিথিনসমৃদ্ধ জাবৰত খাদ্যৰ সন্ধান।
কিমানখিনি সুখ লাগে?
আজিৰ বাবে পেটত কিবা এটা পৰাতকৈ!
ৰাস্তাৰ কাষত আধাখোৱা চিপছৰ পেকেট 
টানি আনি পাগলীজনীয়ে খাই আছে
কিমানখিনি সুখ লাগে?
পেটৰ তাড়নাত মানসিক ৰোগীৰ অভাৱ পূৰণতকৈ!
হাত পাতি পাতি পইছা বিচাৰিছে 
মিঠাই দোকানৰ চিংৰাটো কিনিছে 
কিমানখিনি সুখ লাগে?
তৃপ্তি পালে মনটোৱে নাচি উঠাতকৈ !
লাঠিডাল শেষ আশা বুলি ধৰি 
ফুৰিছে গাড়ীৰ ভিৰতো নিশ্চিন্তমনে ঘূৰি 
কিমানখিনি সুখ লাগে?
অন্ধত্বৰ কৰুণ বোজাকো 
আনন্দৰে নিজৰ কৰাতকৈ ! 
আশ্ৰয়বিহীনভাৱে ৰাস্তাৰ দাঁতিতেই 
ঘৰখন পাতি লৈছে যেন স্বৰ্গৰ অমৰাৱতী 
কিমানখিনি সুখ লাগে ? 
অঘৰী হৈও নিৰাপত্তাহীনতাত সংকোচশীলতাক নেওচাতকৈ!
মৌলিক প্ৰয়োজনৰ অভাৱ নোহোৱা ,
নিজক নিজেই সুখী কৰিব পৰা,
সমাজৰ "দুখগ্ৰাহী" মানুহখিনিক 
অৱশেষত প্ৰশ্ন কৰিছোঁ ..
কিমানখিনি সুখ পালে 
আপোনালোকে চ’ছিয়েল মিডিয়াৰ পৰা ওলাই
বাস্তৱ পৃথিৱীত নিৰ্ভীকতাৰে ক’ব ....
" আমি সুখী ,সুখী ডট কম .....
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)