জীৱনৰ অন্য নাম সংগ্ৰাম - খণ্ড উনৈশ ( ১৯ )

Rinku Rajowar
0
“  নলিনী তহঁতে এতিয়াৰ পৰা আৰু এইটো ঘৰত থাকিব নোৱাৰিবি , মই এই ঘৰটো এখেত সকলক বন্ধন বেংক খুলিবৰ বাবে ভাড়ালৈ দিব বিচাৰিছোঁ ৷  মা দেউতাহঁতে তহঁতক কেচুৱাৰ পৰা তুলি তালি পঢ়াই শুনাই  বহুত কৰিলে ৷ এতিয়াটো তোৰ ইনকামো বহুত ভাল ৷ মই বিচাৰোঁ আমাৰ ঘৰটো এৰি দি তহঁতে নিজাকৈ এটা ঘৰৰ ব্যৱস্থা কৰি ল’বি ৷  মই মা আৰু ভাইটিক এইবাৰ একেবাৰে দিল্লীলৈ লৈ যাম ৷ কাৰণ দিল্লীত এতিয়া মোৰ বৰ ব্যস্ততা , সঘনাই ইয়ালৈ আহি মা --- ভাইটিহঁতৰ খা-খবৰ কৰি থাকিবলৈ সময়ৰ অসুবিধা ৷ আৰু মা ইয়াত থাকিলে কেতিয়াও ...., "  কংকীৰ কথাষাৰ শেষ হ’বলৈ  নৌপাওঁতেই “ তুমি ভুল ক’ব ওলাইছা মিছ্‌  কংকী ! বৰুৱানী  অৰ্থাৎ তোমাৰ মাৰা যোৱা প্ৰায় তিনিবছৰে মোৰ তত্ত্বাৱধানত  চিকিৎসা চলি আছে ৷ তেওঁ বহুখিনি ডেভেলপ্‌ কৰিছে ৷ মই আশা কৰিছোঁ খুউৱ সোনকালেই তেখেত সুস্থ হৈ উঠিব ৷ গতিকে তেখেতক মই দিল্লীলৈ নিবলৈ তোমাক  কেতিয়াও অনুমতি দিব নোৱাৰোঁ । আৰু এটা কথা মিছ্‌ কংকী বৰুৱা , তুমি  নলিনীক এনে ব্যৱহাৰ কৰা উচিত নহয় ৷ তোমাৰ ভায়েৰা আৰু মাৰাৰ বাবে  সেই সময়ত তুমি  যিখিনি কৰিব লাগিছিল তেতিয়া তুমি তোমাৰ দায়িত্বৰ পৰা মুৰ পোলোকা মাৰি দিল্লীলৈ উৰা মাৰোঁতে এবাৰো নাভাৱিলা যে তোমাৰ বেমাৰী মাৰাৰ কি অৱস্থা হ’ব ! সৰু ভায়েৰাৰ পঢ়া শুনা খোৱালোৱা  কেনেকৈ সম্ভৱ হৈ উঠিব !!  আৰু আটাইতকৈ ডাঙৰ কথা ঘৰখনৰ আৰ্থিক অৱস্থাটো ৷  তোমাৰ মাৰাৰ চিকিৎসাৰ নামত বহুত অৰ্থৰ প্ৰয়োজন হৈছে ৷  আনহাতে তোমাৰ মাৰাৰ এই অৱস্থাৰ বাবে  দেউতাৰাৰ বেংকত জমা টকাৰ এটকাও নলিনীয়ে ঘৰখনৰ খৰচৰ নামত উলিয়াব পৰা নাই !  নিজৰ উজ্জ্বল ভৱিষ্যতক জলাঞ্জলি দি কেৱল নিজৰ ভায়েক ভনীয়েক কেইটাৰ লগতে  তোমাৰ মাৰা  আৰু ভায়েৰাৰ বাবেও  কিমান কষ্ট আৰু সংগ্ৰাম কৰি নলিনীয়ে ঘৰখন আৰু ঘৰখনৰ সদস্যসকলক অকনো অসুবিধাত পৰিবলৈ নিদিয়াকৈ ৰাখিছে ৷ কেওটা ভায়েক ভনীয়েকৰ  পঢ়াৰ খৰচৰ পৰা বৰমাক অৰ্থাৎ  তোমাৰ  মাৰাৰ চিকিৎসাৰ খৰচলৈকে সকলো সেই কণমানি হাতদুখনেৰেই  যোগাৰ কৰিছে !  আনফালে তোমাৰ স্বামী বসন্ত চৌধুৰীৰ ফালৰ পৰা অৰ্থাৎ তোমাৰ পৰিয়ালৰ সক্ষমতা থকাৰ পিছতো কিন্তু তোমালোকে  নলিনীক আৰ্থিকভাৱে অলপ হলেও সহায় কৰাৰ কথা এবাৰ নাভাবিলা !  আনকি মোৰ মনত থকা মতে তুমি এদিনলৈকো মোৰ লগতো  মাৰাৰ অসুখৰ  বিষয়ে এষাৰ কথাও আলোচনা কৰা নাই ৷ যি কৰিছে সকলো নলিনীয়ে কৰিছে ৷ তুমি তেজপুৰত পঢ়িবলৈ যোৱাৰ পিছৰ পৰাই  মাৰাৰ লগত তোমাৰ সম্পৰ্ক ইমান নোহোৱা হ’ল ! যে মাৰাই তোমাক পাহৰিবলৈ ধৰিলে আৰু কাষত বিচাৰিলেই সকলো অৱস্থাতে নলিনীকে একেৰাহে পাই থকা বাবে নলিনীৰ কথাহে মনত ৰৈ গ’ল ৷ শিক্ষিতা ছোৱালী হিচাপে তোমাক মই নকলেও বুজিবা যে মাৰাৰ নিচিনা কেচ্‌বোৰত ৰোগীৰ মনমগজুত যিটো কথাৰ গভীৰতাই বেছিকৈ ক্ৰিয়া কৰি থাকে সেইটো কথাহে মনত থাকে  ! আৰু একেবাৰে মেমৰি হেৰাই নগৈ এইটো হলে ৰুগীজনক  সুস্থ কৰিতোলাত যথেষ্টখিনি  সুবিধা হয় . ৷ তোমাৰ মাৰাৰ নলিনীৰ কথা মনত আছে তুমি ভালহে পাব লাগে ৷ কিন্তু তাৰ বিপৰীতে তুমি নলিনীক দুৰ্ব্যৱহাৰ কৰিছা ! আজি তুমি  নলিনীক ইমানবোৰ উপকাৰৰ বিনিময়ত ধন্যবাদ এটা দিয়াৰ সৌজন্যতাবোধখিনিও নেদেখুৱালা বৰঞ্চ  তুমি তাহাঁতক গৃহহাৰা কৰিবহে বিচাৰিছে ... ৷ এইটো জানোঁ উচিত হৈছে ! অৱশ্যে এইটো তোমাৰ দেউতাৰাৰ ঘৰ ৷  তুমি  যি কৰা  সেইটো সম্পূৰ্ণ তোমাৰ কথা ৷মই বাহিৰা মানুহ হিচাপেে তাত মাত মতাৰ কোনো অধিকাৰ নাই ৷ কিন্তু  তুমি যিহেতু নিজৰ স্বাৰ্থকহে আগস্থান দিলা , মাৰাৰ স্বাস্থ্যৰ বিষয়ে এবাৰো  নাভাবিলো গতিকে মিছেছ্ বৰুৱা অৰ্থাৎ তোমাৰ মাৰাৰ চিকিৎসক হিচাপে মই এইখিনি ক’ব লগা হ’ল , বেয়া নাপাবা ৷ কথাখিনি কৈ ডাক্তৰ নিলকমল চাৰে নলিনীলৈ চাই ক’লে “ তোমাৰ বৰমায়ে তোমাক বিচাৰি আছে , পাৰিলে এপাক হস্পিতাললৈ আহিবা ! মই যাওঁ " ৷ 
   ডাক্তৰ যোৱাৰ পিছত কংকীয়ে বহুত দেৰিলৈকে ৰূমৰ ভিতৰতে পাইচাৰি কৰি কটালে ৷ কাকো একো নক’লে ৷ ডাক্তৰৰ কথাখিনিৰো যুক্তি বিচাৰি চালে , তেওঁ মিছা কথা কোৱা নাই ! কিন্তু এইখিনি কথাকে কংকীৰ মনলৈ আগতে নাহিল কিয় ! তাই কিয় এবাৰো নভবাকৈ গিৰিয়েকৰ কথাতে হয়ভৰ দি কথাখিনি ভাৱিলে ৷ এতিয়া এই মানুহ দুজনক কি ক’ব তাই  ৷ আৰু তেওঁলোকক না ক’লে গিৰিয়েকে বৰ বেয়া পাব ৷ তেওঁৰ হয়তো খং ও উঠিব পাৰে ... ৷ বৰ বিবুদ্ধিত পৰিল কংকী ! ইফালে ভায়েক ৰুবুলেও নলিনীহঁতক এৰি কলৈকো নাযায় ৷ ইমানদিনে নলিনীয়ে সিহঁতক চোৱাচিতা কৰিছে ৷ পঢ়াশুনাৰ তত্ত্বাৱধান লৈছে ৷ কংকীৰ নিচিনা সি বোলে স্বাৰ্থপৰ নহয় ! হয় ৰুবুলে ঠিকেই কৈছে ৷ তাই ( কংকী ) বৰ স্বাৰ্থপৰ ৷ নতুন পৰিবেশত নতুন মানুহবোৰৰ লগত থাকি থাকি তাই পাহৰিয়েই গৈছিল তাইৰো যে এখন ঘৰ আছে ৷ ঘৰত এটা সৰু ভায়েক আৰু এগৰাকী বেমাৰী মাক আছে ৷ নলিনী নথকা হ’লে সিহঁতৰ কি অৱস্থা হ’ল হেতেন ! ভাৱিয়েই কংকীৰ দুখ  লাগি গৈছে ৷ তাই ইমান স্বাৰ্থপৰ আৰু হৃদয়হীন কেতিয়াৰ পৰা হ’বলৈ শিকিলে নে তাই নিজত্ব হেৰুওৱাৰ উপক্ৰম কৰিছে ! ছিঃ তাই এতিয়া নলিনীৰ সমুখত কেনেকৈ ওলাব ৷ সেই সৰু অথচ তাইতকৈ হাজাৰগুণে জ্ঞানী , দৰদী হৃদয়ৰ ছোৱালীজনীৰ তাহাতৰ ওপৰত ইমান উপকাৰ হ’ল যে গোটেই জীৱন চেষ্টা কৰিলেও ঋণ সুজিব নোৱাৰে কংকীহঁতে ৷ আজি আচলতে কংকীহঁতে  নলিনীহঁতক নহয় বৰঞ্চ কংকীহঁতক হে নলিনীহঁতে উপকাৰ সাধিছে আৰু এই উপকাৰৰ কোনো তুলনা নাই ৷ 
    মনে মনে নিলকমল চাৰক কংকীয়ে ধন্যবাদ দিলে যে “ তেওঁ কংকীৰ চকু মুকলি কৰিলে ৷ এটা ডাঙৰ ভুল কৰাৰ পৰা কংকীক ৰক্ষা কৰিলে ৷ কংকীয়ে কেতিয়াও আৰু ঘৰটো ভাড়ালৈ দিয়াৰ কথা নাভাবে ৷ তাতকৈ আজিয়েই উকিল মাতি এই ঘৰটো নলিনীৰ নামত লিখি দিব তাই ৷ মাক আৰু ভায়েকৰ দায়িত্বও সম্পূৰ্ণৰূপে নলিনীকে দিব তাই ৷ তাই নিশ্চিত যে তাইতকৈ নলিনীয়েহে মাক ভায়েকৰ বেছি ভালকৈ যত্ন ল’ব পাৰিব ৷ অহেতুক কাৰণত নলিনীজনীক দুৰ্ব্যৱহাৰ কৰা বাবে কংকীয়ে মনে মনে বৰ লাজ পালে ৷ নলিনীক মাফ খুজিব তাই ৷ দোষী দোষী মনেৰে অপৰাধীৰ দৰে নলিনী অহালৈ বৰ ব্যগ্ৰতাৰে অপেক্ষা কৰিলে কংকীয়ে ...( আগলৈ )


✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)