ধাৰাবাহিক উপন্যাস সূৰ্যোদয় খণ্ড-২০-ৰাজেন দাস

Rinku Rajowar
0
    (১) 
দেৰগাঁও এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। কালীপ্রসাদ চাৰৰ "দেৰগাঁৱে কথা কয় "শীৰ্ষক গ্ৰন্থৰ পৰাও বহু কথা জানিব পাৰিছো। 
অসম সাহিত্য সভা অধিৱেশনত ওলোৱা স্মৃতি গ্ৰন্থ ৰচনা পৰাও জানিব পাৰোঁ। দেৰগাঁৱৰ বিশিষ্ট সাহিত্যিকসকলৰ গ্ৰন্থৰ পৰাও আমি জানিব পাৰোঁ। গোলাপীজামুৰ লগ্ন কবি নীলমণি ফুকন, ভাষাবিদ নগেন ঠাকুৰ, বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, দুগ্ধচন্দ্ৰ গোস্বামী,দেৰগাঁৱৰ ত্ৰিমূৰ্তি কমল দুৱৰা, নৰেন শৰ্মা। আৰু বহুত আছে। তোক জনাম দেই ভাল্লাৰ আপী। উম! জনাবই লাগিব। দেৰগাঁৱৰ কথা জনাব লাগিব। নেট, শ্লেটৰ সমান্তৰালকৈ...।

শুন ! শুন!দেৰগাঁৱৰ কথা বহু, অলপীয়া নহয়, সৰহীয়া। তথাপি অলপ কৈ থওঁ। দেৰগাঁৱৰ পুলিছ ট্ৰেইনিংৰ কথা জানা, ৰাজেশ্বৰ সিংহৰ দিনৰ নেঘেৰিটিংৰ শিৱদ'লৰ কথা জানিছাই।
 নৰেন শৰ্মা,হৰকান্ত মহন্ত,কমল দুৱৰা, যি দেৰগাঁৱৰ ত্ৰিমূৰ্তি। প্ৰফুল্ল চন্দ্ৰ বৰা। ছাৰৰ ঘৰৰ সন্মুখত নাম "জোনাক" বুলি লিখা আছে। অতুলচন্দ্ৰ হাজৰিকাৰ ঘৰৰ নাম "তপোৱন"। আৰু বহু ওলাব। বৰ্ণমালা, সৃজন এনে শব্দৰ গুঢ়াৰ্থ পাঠকক এদিন জনাম। পালে কৈ থাকিম হোৱাটচএপতে ইনবক্সত। গোলাপী জামুৰ লগ্নৰ কবি,  অসমীয়া চুটিগল্পৰ অজগৰ,নাহৰণিৰ চৈয়দ আব্দুল মালিক,বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়া,হৃদয়ৰ দলিচাত ডি.কে.ডি. কলেজৰ স্ৰষ্টা দুগ্ধচন্দ্ৰ গোস্বামী,ভাষাবিদ নগেন ঠাকুৰ, ইত্যাদি। আৰু বহুত আছে মনত পৰিলে জনাম।
            মই ফোনতে সুৰ্য্যাংশ্ৰীক এনেকৈ কৈ থাকো। তেনেকৈ তায়ো নামনি অসমৰ লোকসাহিত্যৰ বিভিন্ন দিশৰ কথা জনায়। কথা বিলাক জনোৱা হয়। 

     (২)
ফোনযোগে কথাবাৰ্তা এনেকৈ হয়। আমাৰ  কথাৰ মাজত বৌদ্ধিক জগতখনে ঠাই পায়। কথা পাতো ইটো সিটো বহুত।  আপী তোক সূয্যাংশ্ৰী নাম দিলোঁৱেই। নামনি অসমৰ কালচাৰেলটোৰ কথা অলপকৈ জনাবি। বিভিন্ন লোকসংস্কৃতিৰ বৰঘৰেই ন। কিতাপ পত্ৰিকা বিভিন্ন উৎসৱ-পাৰ্বন, সাংস্কৃতিক অনুষ্ঠান পাই থাকো। শুনক,
দক্ষিণ কামৰূপ-সুৱৰি,পেক ভাঙনা,ভেল দিয়া ,লক্ষ্মী পূজা , তিনিটি বিহু, পিঠা খোৱা সভা,নাওঁখেল, আদিও হৈ থাকে। আৰু বহুত আছে। পিচত জনাই মেছেজতে দিম। উইকিপিডিয়া,ৱিকাশপেডিয়াটো পাব। গ্ৰন্থত পাব। এতিয়া নেটৰ পেচেজৰ কুইজটো কৰা যাওঁক। ঠিক আছে। চলো লেটচ  ষ্টাৰ্ট। 

         কুইজত সদায় তাই জিকে। মই হাৰো। নিৰাশ নহওঁ। তায়ো কষ্ট কৰি আছে। ঘৰৰ সকলো কাম কৰিও পঢ়া-শুনা কৰে। তাই উদাৰমনৰ ,ধৈৰ্য্যশীল আৰু সংগ্ৰামী ছোৱালী। ভাল ফল এদিন আহিব। বেয়া ফল আহিলেও কোনেও ৰখাব নোৱাৰে। ভাল ফল আহিলেও ৰখাব নোৱাৰে। মাত্ৰ অসীম ধৈৰ্য্যৰে সেই সময়খিনিলৈকে টিকি থাকিব লাগিব। "অপনে মঞ্জিল টক পহুছনে পৰ পাগলপন হোনা জুৰুৰী হো জাতা হে। কভী। কভী। চবকে চাথ নহী হে"।
  
(৩) 

তাই কামৰূপী ভাষাত কথা কয়। মই বুজি নাপাওঁ। মই শিকিবলৈ আগ্ৰহী। ভাষা শিকা বৰ সহজ নহয়। তথাপি শিকিব নোৱোৰা নহয়। 
মোৰ বাবে মাতৃভাষা ক'বলৈ উজু।পৃথিৱীৰ সকলোৰে বাবে এনে হয় উজু। চেষ্টা কৰি আন আন ভাষা শিকা হয়। কৃষ্ণকান্ত সন্দিকৈয়ে কেইবাটাও ভাষা জানিছিল। আৰু অসম - ভাৰতত বহু ভাষা জনা, কোৱা, যোগাযোগ স্থাপন কৰিব পৰা মানুহ আছে। নিজৰ আগ্ৰহ লাগিব। লগতে কষ্ট আৰু সাধনা। তাই অহৰহ কৈ যায়। বুজি নাপাওঁ। 

      ক ক কৈ যা। বুজি নাপালেও শুনিকে যাওঁ। ৰেডিঅ'ত এনে শ্ৰোতা বহু ওলাব। যি মনে প্ৰাণে ভাল পায়। যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী ইত্যাদি ফ্ৰিকুৱেন্চিৰ নম্বৰত আমি ৰেডিঅ' শুনো। বহুতো ভাল কাম হৈ থাকে। স্কুল, কলেজ, কৰ্ট,কাছাৰী ইত্যাদিৰ বাবে সময়খিনি সহজ হৈ থাকে। 
শুনক--
শুনকটো কি কয়
সেইটো শুনচা...
ভাত খালি না ? মানে
ভাত খালানে ? 
নাইখোৱা? হা হা  হা ...

ৰৱক কৈ যাব দে...
অক্কে, কেৰি অন...
মায়েৰাই কি কচ্ছি 
মানে মাৰাই কি কৰিছে? 
,যাওঁ দে (যাওঁ দিয়া),
,কাই  কচ্ছি (কোনে কৈছে?),
কি কচ্ছা (কি কৰিছে? )
এথান কেনকে যাব 
(এতিয়া কেনেকৈ যাব?) , ভাগৰ লাগচ্ছি  (ভাগৰ লাগিছে।) 
বইৰাণ দিছি (বৰষুণ দিছে)


আৰু ক বৰ ভাল লাগচে।
উজনিৰ আপাই পাৰব।
প্ৰেক্টিছ কৰব লাগব।
ঠিক আছে কৰিম।
আৰু ক
শুনচা?
শুনচো।
অ আপা কি কচ্ছা 
অ ল'ৰা কি কৰিছা? 

ভাত খালি না 
(ভাত খালা নে? ),
এ আপী  ক'ক গেছিলি 
(অ ছোৱালী ক'ত গৈছিলা?),
এ খুৰী কৰ পেৰে আহিলি 
(অ খুৰী ক'ৰ পৰা আহিলে? ),
এ কত যা হে (এই ক'ত যোৱা?) 
 মামাহানতাক যাওঁ ৰ
(মামাহঁতৰ ঘৰলৈ যাঁও।), 
এই গধূলা কতনো যা হে 
(এই গধূলি ক'লৈ যোৱা)
ভাত খালি না (,ভাত খালা?)
এ আপী  ক'ক গেছিলি (ক'লৈ গৈছিলা?)।
       মোৰ অলপ ভুল হ'লেও তাই শিকাই দিয়ে। তাইৰ মুখত কামৰূপী ভাষা শুনি আৰু তাই মই শিকাবলৈ চেষ্টা কৰে দেখি ভাল লাগে ‌ । ধন্যবাদেৰে উপচাই দিওঁ ।


(৪)
আপুনি নেটৰ বাবে কেনেকৈ পঢ়ে। তই যিদৰে পঢ় তেনেকৈ। এই ভনীক ক'ব। ঠিক আছে। শুনি যা বান্দৰী। আই মিন ড৹ সুৰ্য্যাংশ্ৰী। ক বান্দৰ। কথা পাতি ফ্ৰি হৈ পৰিলোঁ। সকলো দুখ-সুখৰ কথা প্রকাশ কৰোঁ। কিন্তু মেইনলি ফ'কাচ হেকুটা মানে J ? 
কি J ? 
JRF  আকৌ। হেকুতাৰ দৰে চা না। অ। ঠিক কৈছে। এইম সেইটোৱেই। এটা মস্ত ফাইনেঞ্চ। ফাইভ ইয়েৰচ। কষ্ট কৰ পাম। পাব লাগিব। পাব লাগব। মোৰ কোনো টাইম টেবুল নাই। যি মন যায় পঢ়োঁ।পঢ়াত মন নবহিলে মহাভাৰত, ৰামায়ণ চনি টিভিত  বা চক্টিমান চাই থাকোঁ। মাত্ৰ পঢ়াখিনি সময়ত পৃথিৱীৰ সকলো কথা বাদ দিব লাগিব। তুমি ৰিস্ক ল'ব লাগিব। ফিউচাৰৰ। ফ'কাচফ'কাচ "অভ্যাসে নৰ কৰ্ণপথে কৰে শৰ"ৰ দৰে। তুমি তোমাক বিচাৰি উলিওৱা। বাৰে বাৰে বিফলতা মানে সফলতা শেষ নহয়। সফলতা ওচৰ চাপিহে আহিছে। কৌশল সলোৱা। অভ্যাস গঢ়ি তোলা। সময় ফাংফুংকৈ নিনিয়াবা। এক ছেকেণ্ড এক ছেকেণ্ড বৰ মূল্যবান। দোষ বিচাৰ। গৌ গৌ গৌ। আও । মজা কৈছা।মটিভেটেড কৰি দিছে। ঠিংকচ এ লট। এনেকৈ আগলৈ কৈ যাবা। আগবাঢ়িব লাগব। আনক ক'বলৈ সহজ। নিজে কৰিবলৈ অসহজ। কিছু কিছু পৰিৱেশত। যি কি নহওঁক নৱমেমৰ কথাৰে-
"Dream, Believe Act & Achieve"


  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)