পৰেনে মনত..টিংখাঙৰ প্ৰেমৰ আবেলিটো ? সেই ৰাগি লগা শব্দবোৰৰ গুজৰি-গুমৰি উঠা ছন্দবোৰ?
যিয়ে দুয়োকে লৈ গৈছিল গভীৰৰ পৰা গভীৰ এক প্ৰেমৰ চহৰলৈ!!
তিয়াই নিছিল বিষাদিত হৃদয়ৰ পয়া লগা শব্দবোৰ!!
আবেলিবোৰো যেন প্ৰিয় হৈ পৰিছিল তেতিয়াই,
পৰো-নপৰো কৈ বেলিৰ ৰঙে ৰঙীণ কৰি তুলিছিল
আবেলিটোৰ নিভাজ হাঁহিবোৰ আৰু গীত,কবিতাৰ তালত মগ্ন হোৱা তুমি আৰু মই অন্য এখন পৃথিৱীৰ অভিমুখে!
টিক-টিক শব্দৰে একেই গতিত চলি আছে জীৱনৰ ঘড়ী কাঁটা,
একেথিৰে নদীৰ পাৰত শুই পৰি চিঞৰিছিলোঁ
এই সময়---! ইয়াতেই যেন ৰৈ যায়!
✍️দুলুমণি বৰদলৈ