মাথোঁ তুমি-সীমা ৰবিদাস

©Admin
0
মোৰ কবিতাৰ প্ৰতিটো শব্দ তুমি, 
মোৰ গীতৰ প্ৰতিটো সুৰ তুমি।। 
তুমি সত্যতা,তুমিয়েই মধুৰ স্বপ্ন, 
মোৰ প্ৰতিটো দিন,প্ৰতিটো নিশাৰ ওৰ তুমি।। 

ফুলৰ স্নিগ্ধতাত যেন তোমাৰেই চিন, 
নিয়ৰৰ নিজম টোপালত যেন তুমি। 
মোৰ প্ৰতিটো অনুভূতিৰ প্ৰকাশ যেন তুমি, 
মোৰ প্ৰতিটো প্ৰতিভাৰ বিকাশ যেন তুমি।। 

বসন্তৰ মলয়া ৰাগ যেন তুমি, 
বৰষাৰ টোপালৰ যেন তুমিয়েই নিজমতা। 
ৰূপহী তৰুণৰ উন্মনা যেন তুমি, 
তুমিয়েই যেন সচাঁ প্ৰেমৰ গাম্ভীর্যতা।। 

তুমি নজনাকৈয়ে হিয়াৰ ভাঁজত, 
আবদ্ধ ৰাখিছোঁ তোমাক। 
তুমি নজনাকৈয়ে দুচকুত অঙ্কিত কৰিছো, 
ছবি মাথোঁ তোমাৰ।। 

জানা?তোমাৰ এটি মধুৰ হাঁহিত, 
বিশ্বৰ সহস্র সুখ বিচাৰি পাওঁ। 
তোমাৰ এষাৰ মৰমৰ মাতত
 যেন আকৌ এবাৰ জী যাওঁ।। 

তুমি কিন্তু দিঠক নকৰিবা দেই, 
এই দুচকুৱে দেখা তোমাৰ সৈতে ৰঙীণ জীৱনৰ সপোন। 
কাৰণ! তুমিয়েই মোৰ অন্তিম লক্ষ্য, 
তোমাৰ অবিহনে নাই কোনো মোৰ বুলিবলৈ আপোন।। 

মাথোঁ তুমিয়েই প্ৰাণৰো আপোন। 
তুমিয়েই মোৰ সচাঁ পিৰিতি, 
তুমিয়েই সপোন।। 

✍🏻সীমা ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)