চাহ জনগোষ্ঠীয়ে হ'ল সেউজীয়াৰ সৈতে সহবাস কৰা অতি সাধাৰণ শ্ৰেণীৰ বিভিন্ন জাতি জনজাতি লগ হৈ একে সম্প্ৰদায়ৰ দৰে জীৱন উদযাপন কৰা সেই অসাধাৰণৰ জনগণৰ মাজৰ পৰা ওলোৱা চাহ জনগোষ্ঠীৰ চিৰসেউজ কবি সাহিত্যিক এটি কলিৰ দুটি পাতৰ আমেজ লৈ সৃষ্টি হোৱা কবি সুলভ ভাষাবোৰ এতিয়া সকলোৰে আপোন আমাৰ উচ্চ আকাংক্ষা। তেওঁলোক একো একোজন নক্ষত্ৰ এই সাধাৰণ শ্ৰেণীৰ বাবে অনুপ্ৰেৰণাদায়ক। বাগান অঞ্চলত বসবাস কৰিও এতিয়া চাহ জনগোষ্ঠীৰ উচ্চ শিক্ষিত যুৱক যুৱতী সাহিত্য , সাংস্কৃতিক, কলা আদি দিশত পিছপৰি থকা নাই। নিজৰ বাবে সমাজৰ বাবে সুবিধা অনুযায়ী কৰ্ম দক্ষতা গ্ৰহণ কৰি আন দহ জনকো একগোট কৰি আগুৱাই গৈছে সহজ সৰল মনোবৃত্তিৰ এটা অসাধাৰণ জনগোষ্ঠী। সেই তেনেদৰেই শিৱসাগৰ জিলাৰ চেপন অঞ্চলৰ পৰা অসম তথা ভাৰতৰ চিৰ পৰিচিত খ্যাতিসম্পন্ন কবি , গল্পকাৰ অনুবাদক কবিতা কৰ্মকাৰ বাইদেউ। এটি সাধাৰণ পৰিৱেশত ডাঙৰ দীঘল হোৱা মধ্যবিত্ত পৰিয়ালৰ জীয়ৰী। কিন্তু পৰিতাপৰ কথা হ'ল চাহ জনগোষ্ঠীৰ বহু সাহিত্যিক কবিয়ে আজি লৈকে নিজস্ব জনগোষ্ঠীয় সংগঠন মঞ্চ আদিৰ পৰা যি মৰ্যদা পাব লাগিছিল সেইয়া কিন্তু আজি পৰ্যন্ত দৃষ্টিগোচৰ হোৱা নাই এইয়া কিয় ? আমাৰ বাবে এতিয়া ডাঙৰ প্ৰশ্ন জাগি উঠিছে কিন্তু এইবোৰৰ প্ৰশ্নৰ উত্তৰ আমি কেতিয়াবা পাম নে ! নে প্ৰশ্নবোধক হৈয়ে ৰব।
কবিতা বাইদেউ সৰুৰ পৰাই সংগীত আৰু সাহিত্যৰ প্ৰতি আগ্ৰহী আছিল। মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাৰ পৰাই মহাবিদ্যালয় বাৰ্ষিক আলোচনীত কবিতা বাইদেউৰ নাম আৰু কবিতা পঢ়ুৱৈৰ মনত তোলপাৰ লগাইছিল। তেখেতৰ প্ৰায়বোৰ লিখনিয়ে মনোগ্ৰাহী হৈছিল লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০অনিল শইকীয়া দেৱৰ অনুপ্ৰেৰণা ও আশীৰ্বাদত আজি কবিতা কৰ্মকাৰ বাইদেউ প্ৰতিষ্ঠিত কবি গল্পকাৰ ও অনুবাদক হিচাপে পৰিচিত হ'বলৈ সক্ষম হৈছে।
কবিতা বাইদেউৰ তিনিখন কবিতা পুঁথি প্ৰকাশ পাইছে সেই সমূহ হ'ল-
(১) ভালপোৱাৰ গুটিমালি পাহি (২০১০)
(২) বাঙালী
ভাল'বাসাৰ জুই ফুলেৰ পাপৰি (২০১৪)
(৩) যুদ্ধৰ দিনবোৰত অকলে থাকোঁ (২০১৫)
অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১০ চনত বংশী গগৈ স্মৃতি বঁটা সন্মানেৰে সন্মানিত কৰা হয়। আনহাতে ২০১৯ বৰ্ষত চেপন চাহ বাগিছাৰ কৰমা ভৱন প্ৰাংগনত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলন উপলক্ষে প্ৰকাশিত তথ্য গধুৰ স্মৃতি গ্ৰন্থ "বিস্মৃতিৰ নায়িকা মাংৰি ওৰাওঁ", খন কৰ্মকাৰ বাইদেউৱে সম্পাদনা কৰিছিল।
তেওঁৰ কবিতা সমূহত দিনদুখীয়া মানুহৰ দৈনন্দিন জীৱন যুঁজৰ সংঘৰ্ষ, শোষণ, ন্যায়-অন্যায়, মানৱতাবোধ, প্ৰেম-বিচ্ছেদ আদি সুন্দৰকৈ প্ৰকাশ পাইছে। তেওঁ কবিতা সমূহ ইতিমধ্যে অসমৰ কেইবাটাও বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে। তেওঁ কবিতা কেইবাটাও ভাষাত অনুবাদ হৈছে। হিন্দী, ইংৰাজী, বাংলা, মালায়ালম, তেলেগু আৰু গুজৰাটী ভাষাত প্ৰকাশ পাইছে। কবিতা কৰ্মকাৰ বাইদেউৱে গৰিয়সীৰ' চন্দ্ৰ প্ৰকাশ চুটিগল্প প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০১৩ আৰু ১৪ চনত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। অসমৰ সাহিত্য জগত খনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে কাব্য সম্ভাৰৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব।।
✍️অদিতী তাঁতী
ডিব্ৰুগড় জিলা অসম,