আজি হ'ল ২৭ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ৩০০ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৬৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
🧭১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ জন্ম হয়।
🧭১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হয়।
🧭১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ জন্ম হয়।
🧭১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
🧭১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু হয়।
🧭১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু হয়।
🧭১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু হয়।
🧭১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।
🧭২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা প্ৰদীপ কুমাৰৰ মৃত্যু হয়।
🧭১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ জন্ম হয়।
✳️ সংগ্ৰাহক➖ শাশ্বতী প্ৰিয়দৰ্শিনী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ