কুলশী পৰীয়াৰ বিননি- চিন্ময় ডেকা



অপৰূপ সৌন্দৰ্য্যৰ মাজত 
তোমাৰ বৰ্ণনা কুলশী,
অৱলোকন কৰিলোঁ 
আজিৰ ক্ষণত;
প্ৰকৃতিৰ স্বত্ব-ছায়াৰ মুগ্ধত
পৰিৱেষ্টিত হ'ল এখন চাৰখাৰ সমাজ।
অগতানুগতিক তোমাৰ মহিমা 
বৈ অহা নৈ'ৰ কুলু-কুলু পানীৰ সৈতে তুমি ওমলা
নিৰ্বাক হৈ চাই ৰওঁ,
তোমাৰ ভটিয়নী সোঁতৰ নিজৰা।
ক্ষুদ্র দৃষ্টিপটত শেঁতা পৰা,
বিষাদৰ অশ্রু তলৰ বেদনা ।।
উটি ভাঁহি যায় অযুত সপোনৰ ঘৰ বাৰী
শতাধিক হয় গৃহহীন নৰ-নাৰী,
জীৱন যেন, ব্যৰ্থতা
তুমি অকনো দুখ অনুভৱ নকৰা।
আহিবা এটি ক্ষণত প্ৰবাল ধুমুহাৰ সৈতে
চূৰ্ণ-বিচূৰ্ণ কৰি পেলোৱা,
অতি কম সময়তে।
এয়াই নেকি?
তোমাৰ জীৱন পৰিক্ৰমা,
ভাবিবা এদিন আমাৰ দুৰ্ভগীয়া
লোকৰ বেদনা।।
সাৰ্থকতা উপলদ্ধি কৰিবা, 
আমাৰ জীৱন বোৰ যেন, যান্ত্রনা।
ব্যতিব্যস্ত হৈ ৰওঁ 
মাথোঁ উজাগৰে ৰাতি
কিজানিবা উটুৱাই নিয়ে আমাৰ ঘৰ-বাৰী।
পুলকিত হওঁ 
নিজস্বতাক চিন্তি
নেপাহৰোঁ তোমাৰ আধিপত্যৰ কলংকিত অধ্যায়ৰ কাহিনী।।


Post a Comment

Previous Post Next Post