হেঁপাহৰ অপমৃত্যু - মনি ডেকা

Aditi Tanti
0
উৎকত গৰমত ৰ'ব নোৱাৰি হালখন ৰাখি গৰুকেইটা দলনিত চৰিবলৈ এৰি দি ৰংমনে নদীৰ পাৰৰ আহঁতজোপাৰ তলত জিৰণি ল'লে।" উস্ বৰ গৰম পৰিছে পাই।অহাকালি ৰোৱনীকেইটা আহিলে‌ই হ'ল আৰু"।আপোন মনে কথাখিনি কৈ থকা ৰংমনক নদীটোৰ সিপাৰৰ পৰা হৰিকায়ে চিঞৰিলে "ঐ ৰংমন ঘৰলৈ নাযাৱ নেকি "?" যাম হৰিকাই"
"আহ আকৌ" "গৈছো ৰবা"!
ধনশিৰি নদীৰ সিপাৰে সেউজীয়াৰে ভৰা চালে চকুৰোৱা সিহঁতৰ গাঁও। কান্ধত হালখন লৈ নদীটো
পাৰহৈ ঘৰলৈ খোজ দিলে হৰিকাইৰ লগত।
"পিছে ৰংমন বিয়াখন নাপাত নেকি?বুঢ়া মায়েৰাই
আৰু কিমান দিন তোৰ আলপৈচান ধৰি ৰান্ধি বাঢ়ি খুৱাব হা?" "পাতিম দিয়া লক্ষ্মী মায়ে কৃপা কৰিলে ধান চপোৱাৰ পিছত আৰম্ভ কৰিম বিয়াৰ কাম।"
"পিছে ছোৱালী চাইছনে নাই?"
"নাই চোৱা। কিন্তু এজনী ছোৱালী মোৰ ভাল লাগে।
কবহে পৰা নাই।"
"কোন নো ক চোন মোক?"
"মানে মানে..."
লাজত তাৰ গাল দুখন ৰঙা পৰিছিল
"ইহ চা তাৰ লাজটো,ক আকৌ"
"হাতীমৰা চুবুৰীৰ দয়াৰামৰ জীয়েক ৰূপালী"
"অ হয় নেকি? হ'ব দে কালি তোৰ ৰোৱা শেষ হ'ব নহয়
মোৰো হ'ব।পৰহি ওলাবি দুয়ো এপাক গৈ আহিম।"
"ম‌ই নাযাও পাই লাজ লাগে তুমি মাক লৈ যাবা।"
"নাই নহ'ব,আজি কালিৰ দিনত ল'ৰা ছোৱালী নিজে পচন্দ কৰাৰ পাছতহে বাকী বোৰ।"
ইংৰাজী বিষয়ত মেজৰ লৈ বি.এ পাছ কৰা ৰংমনে
চাকৰি নাপাই নিজৰ পৈতৃক সম্পত্তি খিনিতে খেতি বাতি আৰম্ভ কৰিলে।দুটা পুখুৰী খান্দি মাছ পুহিছে
পাৰত মালভোগ জাহাজি কল ৰুইছে। সময়ত বেপাৰী আহি নিজে ঘৰৰ পৰা সেইবোৰ লৈ যায়।
মুঠতে অভাৱ নাই একোৰে। মাক জনীও বৰ মৰমীয়াল।সৰুতে দেউতাক ঢুকুৱাত বৰ কষ্টেৰে ডাঙৰ কৰিছে তাক। এতিয়া এখন আহল বহল বাৰীৰে সুন্দৰ এখন ঘৰ তাৰ।
 আবেলি হৰিকাই আহি সিহঁতৰ ঘৰত উপস্থিত.. ৰংমন তোৰ হ'লনে? মাকে ওলাই আহি কলে "ও হৰি ভকত আহা আহা বহা" "নাই এতিয়া নবহো দেৰি হ'ব তাক মাতকচোন"। এনেতে ৰংমন আহি মাকৰ চৰণ চুই সেৱা এটি কৰি হৰিকাইক ক'লে.."বলা তেন্তে"
দুয়ো গৈ দয়াৰামৰ ঘৰত উপস্থিত হ'ল। দয়াৰাম আৰু হৰিকাই নলে গ'লে লগা বন্ধু আছিল। বহুদিনৰ মূৰত দুয়োবন্ধু লগ হৈ সাৱটা সাৱটি কৰিলে।আথে বেথে বহিব দি সুধিলে.".পিছে বন্ধু বহু দিনৰ মূৰত যে?
এওঁ বা কোন?"
"ও এওঁৰ নাম ৰংমন। পঢ়া-শুনা কৰি চাকৰি নাপাই খেতি বাতিতে লাগি আছে।জানাই নহয় আজি কালি চৰকাৰী চাকৰিৰ ব্যৱস্থা। এতিয়া ছোৱালী এজনী লাগে।মাক জনী আৰু এওঁ দুটা প্ৰাণী ঘৰখনত।"
"ও হয় নেকি?বৰ ভাল কথা।"
তোমালোক দুয়ো বহা মই ভিতৰৰ পৰা আহি আছো।
  চাহ পানী খাই উঠি তেওঁলোকে ছোৱালীজনী চাবলৈ ৰৈ থাকিল।অলপ পিছত ছোৱালী জনী আহি তামোল খাবলৈ দিলে।" ছোৱালী জনী বৰ ধুনীয়া।দুয়োকে বেচ মিলিব নে কি কোৱা বন্ধু?"
হৰিকাইৰ কথা শুনি ছোৱালী জনী একেচাতে ভিতৰলৈ দৌৰি গ'ল। পালেগৈ।আটায়ে মিলি অহা মাঘতে বিয়াৰ দিনবাৰ ঠিক কৰি আনন্দ মনেৰে ঘৰলৈ উভতি।
আজি কেইদিনমানৰ পৰা ৰূপালীৰ গাটো ভাল নহয়। অনবৰতে জ্বৰ কাহ হৈ আছে।চিকিৎসা কৰি আছে যদিও সুফল পোৱা নাই। ৰাংঢালী ছোৱালী জনী লাহে লাহে ক'লা পৰি গ'ল।তাইক নি গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হ'ল।কথাটো শুনি ৰংমন মেডিকেল পালেগৈ। ছোৱালীজনী দেখি তাৰ বৰ দুখ লাগিল।"মই বাৰু ভাল হমনে ৰংমন কাই?"
"নিশ্চয় ৰূপালী,তাৰ পিছত ধুম ধামেৰে আমাৰ বিয়া পাতিম।" কথাখিনি শুনি তাইৰ চকুলো ওলাল।কবনোৱাৰাকৈ তাৰো চকুহাল সেমেকি উঠিল।গধুৰ মন এটি লৈ ৰংমন ঘৰলৈ উভতিল।
পিছদিনা ডাক্তৰে কলে তাইৰ হেনো কৰ'ণা হৈছে।
লাহে লাহে অৱস্থা বেয়াৰ ফাললৈ ঢাল খালে।
আবেলি হৰিকাই দৌৰি আহি খবৰটো দিলে
ৰূপালী আৰু ইহ সংসাৰত নাই।কথাটো শুনি ৰংমন চিঞৰি উঠিল "এয়া হ'ব নোৱাৰে হৰিকাই.."সি মাটিতে বহি পৰিল। বুকুৰ মাজত আলফুলে সজাই ৰখা হেঁপাহ বোৰ যেন চূৰ্ণ বিচূৰ্ণ হৈ গ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)