আজিৰ দিনটোৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৮ কাতি,মঙ্গলবাৰ, ইং ২৬ অক্টোবৰ।
 ২০২১। ।
সূৰ্য্যোদয় ঘ:৫/৩১/২৩,সূৰ্য্যাস্ত 
ঘ:৪/৪২/৫৫

 *ৰাশি:-*    মিথুন ৰাশি।
 *তিথি :-*  কৃষ্ণা ষষ্ঠী। অহোৰাত্ৰ
 *নক্ষত্ৰ :-* আৰ্দ্ৰা। শে: ৰা: ঘ:- ৪/১৯/৩১ লৈ।
 *শুভ সংখ্যা:-* ৬/১
 *শুভ ৰং :-* ৰঙা / মুগা ৰং ।
 *আদ্যঋতু হলে :-* কান্তা যোগ।
 *মৰণত দোষ:-* এপদ।শে:ৰা:ঘ:- ৪/১৯/৩১যোৱাত ত্ৰিপদ।
 *যাত্ৰা:-* পশ্চিম দিশত নাই।
 *যোগিনী :-* পশ্চিম দিশত।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰ নতুনকৈ যোগাযোগ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ধনৰ নাটনি হব পৰা লগতে আজি আপুনি কৰ্মত সজাগ নহলে সন্মান হানি  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ হব যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ  ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত 
আমোদ প্ৰমোদ ভাৱ বাঢ়িব, মনত আনন্দ বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে মনত  সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঋণ আদায় কৰাৰ সুযোগ লাভ কৰিব, ধন সন্মান লাভ হব লগতে আজি আপোন মানুহৰ সানিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, প্ৰেমত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয়  বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান  হোৱাটো ভাল হব।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনোমালিন্য বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব,  মনৰ আশা পুনৰ হব, লগতে অৰ্থ লাভ হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, সুখ বৃদ্ধি হব যদিও আজি আপুনি খৰছৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হব।  

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব   লগতে আজি আপুনি ঋণ পৰিশোধ কৰাৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও  আজি আপুনি সজাগ  নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম শুভ হব, আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)