আপোনাৰ মনটোৱে আচলতে কি বিচাৰে-মানস প্ৰতীম মালী

Aditi Tanti
0
আপোনাৰ জীৱনত সুখতকৈ দুখক বেছিকৈ আশ্ৰয় দিছে নেকি ? 
আপোনাৰ মনটোৱে বিচৰা টোৰ পৰা আপুনি আতৰি আহিছে নেকি ?
         আমাৰ মনটোৱে তেতিয়াই কান্দে যেতিয়া মনটোৱে বিচৰাটো নাপায় । 
মনটোৱে বিচৰা ধৰণে কৰিব পাৰিলেই আমি সুখী । আমাৰ মনটোৱে আচলতে কি বিচাৰে ? 
বিচাৰে নেকি এটি বিলাসী জীৱন ? 
মনটোৱে বিচাৰে নেকি আশাবোৰ বাস্তৱ হোৱাটো
            মোৰ মনটোৱে বিচাৰে এটি সুখী জীৱন , যিটো জীৱনত সোণতকৈ মানুহবোৰ মূল্য বহুত বেছি ।
            মনটোৱে বিচাৰে এনেকুৱা এটি জীৱন যিটো জীৱনত মাথোঁ মোৰ থকাখিনিকলৈ মই বহুত সুখী।
      মনটোৱে বিচাৰে এখন সুন্দৰ স্বাৰ্থহীন সমাজ , যিখন সমাজত মাথোঁ সকলোৱে সকলোৰে কথা ভাবিব !
             মনটোৱে কেতিয়াবা সপোন দেখে , কিছুমান ৰঙীন সপোন , লগে লগে
সপোনবোৰ বাস্তৱলৈ পৰিনত কৰিবলৈ অহৰহ চেষ্টা কৰোঁ ।
          সদায় নতুন নতুন সপোনৰ সন্ধান কৰোঁ । 
         সকলোৰে জীৱনত সমস্যা থাকে , সফল হ'বলৈ হ'লে সমস্যাবোৰৰ লগত যুঁজ দি আগুৱাই যাব লাগিব ।
             কেতিয়াবা মনটো অশান্ত হৈ পৰে। আন মানুহে যেতিয়া কোনো কামৰেই উৎসাহ দিব নোৱাৰে বৰং ঠাট্টা কৰাৰ চেষ্টা
কৰি থাকে । 
           নিজৰ মনটোক নিজেই সান্তনা দিওঁ কিন্তু নিজক আনৰ লগত কেতিয়াও তুলনা নকৰোঁ , মই জানো আনৰ লগত নিজক তুলনা কৰিবৰ বাবে তুলনা কৰা তুলাচনীখনত দিবলৈ মোৰ যে একোৱেই নাই ।   
           নিজৰ বুলিবলৈ
আছে মাত্ৰ এটি বিশাল মন ,
আছে প্ৰয়োজনত বহুত সাহস , যি সাহসে আগুৱাই যাবলৈ নিজকে নিজে প্ৰস্তুত কৰে , ‌মনটোকেই সাৰথি কৰি জীৱনত আগবাঢ়ি যাম ,
মোৰ মনটোৱে বিচৰা খিনিৰ সন্ধান কৰিম । জীয়াই থাকিম নতুন নতুন সপোনৰ সন্ধান কৰি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)