বহনক্ষম ভৱিষ্যতৰ শংকৰীকলা কৃষ্টি ঐহিত্যময় মেজেঙা চাহ বাগিছাৰ এটি আলোকপাত-জ্যোতিকৃষ্ণ ৰাও

Rinku Rajowar
0
অসমীয়া  জাতিৰ মুলসূঁতিৰ চিৰ চেনেহী ভাষা সাহিত্যৰ সংষ্কৃতিৰ এক প্ৰধান অংগস্বৰূপ হৈছে চাহ জনগোষ্ঠীসকল।অসমৰ ৮৫৫ খন চাহ বাগিছাৰ ভিতৰত যোৰহাট জিলাৰ তিতাবৰৰ এক ব্যতিক্ৰমী চাহ বাগিছা হৈছে মেজেঙা চাহ বাগিছা । মেজেঙা চাহবাগিছাৰ ইতিহাস বুৰঞ্জীমূলক। পূৰ্বতে ব্ৰিটিছৰ সমসাময়িক কালছোৱাত নিৰ্মিত এইবাগিছাখনতে বহুতো সান্নিধ্য ব্যক্তি আছিল।তাৰে ভিতৰত অন্যতম এজন আছিল এসময়ত অসম চৰকাৰৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী গজেন তাঁতী।পূৰ্বৰে পৰা চলি অহা যাগ যজ্ঞ - বলিবিধান আদি সংস্কৃতিৰ সলনি হৈছিল স্বাধীনতাৰ প্ৰাক মুহূৰ্তৰ পৰা।১৯৫৫ চনত জন্ম হৈছিল  চিৰ নমস্য জগতগুৰু শংকৰদেৱৰ আৰ্দশৰ একশৰণ হৰি নামধৰ্মৰ প্ৰচাৰ ।তেতিয়াই  জন্ম হয় মেজেঙা চাহ বাগিছাত শংকৰী কৃষ্টি।এক গৱেষণা ভিত্তিক তথ্য অনুসৰি বিশ্লেষণ কৰি পাওঁ ১৯৬৯ চনৰ কথা। তেতিয়া অশেষ কষ্ট আৰু ত্যাগৰ ভিত্তিত সৰুপোনা কুৰ্মী আৰু সেই সময়ৰ বাগিছা সংঘৰ সাধাৰণ সম্পাদক আপানা ৰাওৰ দৰে বহুতো ব্যক্তিৰ অশেষ ত্যাগৰ পাছত মেজেঙা চাহবাগিছাত জন্ম হয় গুৰুজনাৰ অভূতপৰ্ব সৃষ্টিৰ এক অংশ স্বৰূপ নামঘৰ। এই নামঘৰৰ কলা কৃষ্টিৰ আৰ্দশগ্ৰহণ কৰাৰ পাছত গাওঁখনত বহনক্ষম বিপ্লৱৰ সূচনা হ'ল ।বিপ্লৱৰ পাছত মেজেঙা চাহ বাগিচাত  ইতিহাসৰ সান্নিধ্যত প্ৰগতিৰ জোৱাৰ আৰম্ভ হৈছিল ১৯৮৫ চনৰ অসম আন্দোলনৰ পাছত ।যাৰ সান্নিধ্যই মেজেঙা চাহ বাগিছাক প্ৰগতিময়  বৈচিত্ৰময়- গাওঁ হিচাপে গঢ়ি তোলাত বহুতো ব্যক্তিয়ে অৰিহণা আগবঢ়াইছিল।তাৰ ভিতৰত আছিল অসমৰ  এজন বিশিষ্ট ব্যৱসায়ী তথা ৰাজনীতিবিদ প্ৰাণ  কুৰ্মীদেৱ , তিতাবৰৰ বিশিষ্ট সামজকৰ্মী তথা এজন সৎআৰ্দশবান ব্যৱসায়ী শিৱৰাম কুৰ্মীদেৱ আৰু বাগিছাৰ অভিভাৱকস্বৰূপ এজন সৎ নিষ্টাৱান অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক কুৰ্মীদেৱ ।এইখন বাগিছাৰে সুযোগ্য সন্তান সমৃদ্ধিশালী তথা যুক্তিকলাৰেই পাৰ্গত  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ শাখাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱৰ মূলৰ সদস্য তথা প্ৰচাৰক প্ৰদীপকুৰ্মীৰ দৰেই সবল ব্যক্তিৰ নেতৃত্বত জন্ম হয় আজিৰ মেজেঙা চাহবাগিছা।বহনক্ষম তথা বিজ্ঞানসন্মত এই বিশ্বায়নৰ যুগত বৈচিএ্যৰ মাজত ঐক্যৰ প্ৰগতিৰ বিপ্লৱৰ সূচনা হ'ল তাহানিৰ পৰা।বৰ্তমান সময়ত ৮০০ মানুহৰ সমৃদ্ধিৰে বাগিছাখনৰ প্ৰাসংগিকতা সলনি হৈছে এক শৰণ হৰি নাৰ্ম  ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত । 
    এই শংকৰী কলাকৃষ্টিৰ বিপ্লৱেই মেজঙা চাহ বাগিছাৰ শিক্ষা ,সংস্কৃতিময় ৰাজনৈতিক ,নৈতিক তথা অৰ্থনৈতিক প্ৰেক্ষাপটত এক নতুন দিগন্তৰ সূচনা কৰিলে।এনে প্ৰেক্ষাপটত মেজেঙা চাহ বাগিছাত আয়োজন হ'বলৈ গৈ আছে ঊনবিংশ তম শংকৰদেৱ সংঘৰ জিলা অধিৱেশন ।আমি বহুতো  আশাবাদী পহিলা ২০২২ বৰ্ষৰ জানুৱাৰীত হ'ব লগা অনুষ্ঠানটিৰ পাছত মেজেঙাত জন্ম হ'ব আৰু নতুন প্ৰগতিৰ জোঁৱাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)