শশীৰ সৈতে ধেমালী,
অটবীত পক্ষীতি
ছায়াচ্ছন্নত জোনাকী।
মেঘালীৰ নয়নাশ্ৰু
সৰি পৰাত বৃষ্টি,
অগচ্ছ জীপাল হ'ল
সেউজীয়া সৃষ্টি।
গ্ৰীষ্মত বহু তপ্ত
বৰ্ষাতে বৃষ্টি,
শৰতত কুহেলিকা
শীতত কম্পে দেহাটি।।
প্ৰাচীত উদয় অংশুপতি
পশ্চিমতে অস্ত,
জীৱনটো জটিল আৰু
আছে বহু কষ্ট।
গোলকীয় পৃথিৱীৰ
এইয়াইতো নিয়ম,
বানপানী--- ধুমুহা
আৰু আহে ভূকম্প।।
✍ৰাজীৱ মহন্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ