অনুভৱত শৰৎ- পৰিতৃষ্ণা হাজৰিকা

0
কিমান যে সেউজীয়া 
ধৰাৰ বুকুত ,
আহিনৰ ধাননি পথাৰখন ,
মোৰ চকুৰ সন্মুখত 
এখন সেউজীয়া পৃথিৱী ।
শৰৎ আহিল , শেৱালি ফুলিল
শেৱালিৰ মিঠা সুবাসে
স্পৰ্শ কৰি যায় হৃদয় ,
কুঁৱলীৰ আৱৰণ ফালি
ওলাই অহা
তেজৰঙা বেলিটিৰ পোহৰত
শেৱালি ফুলৰ দলিচাত 
প্ৰস্ফুটিত হৈ উঠিল 
দূবৰি বনৰ নিয়ৰৰ টোপালবোৰ ।
নদীৰ সিমনাত তপত বালিৰ ওপৰত
হালি-জালি প্রাণ চঞ্চল হৈ 
ফুলি উঠা কঁহুৱা বোৰেও যেন 
হাত বাউল দি মাতিছে শৰতক ।
আবেলিৰ সূৰ্য্যৰ হেঙুলীয়া কিৰণত
উন্মনা হৈ উঠে মন ।
হে শৰৎ ,
তুমি অনন্যা
তোমাৰ আগমনে মন , প্ৰাণ 
লৈ যায় বহুদূৰলৈ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)