চকুহাল মুদি দিয়াৰ
আত্ম-সন্তুষ্টি ।
কিচমিচ চৰাইৰ মাতত
নীলা আকাশখনলৈ চোৱাৰ
হেঁপাহ ।
ফেঁহুজালিৰ মুহূৰ্তত
নিৰৱ প্ৰকৃতি প্ৰত্যক্ষ কৰাৰ
বাসনা ।
হাৰি হাৰি জিকি যোৱা অনাবিল
আত্ম-সন্তুষ্টি ।
বিফলতাৰ পিঠিত উঠি সফলতালৈ
গতি কৰাৰ প্ৰচেষ্টা ।
অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ
মানসিক প্ৰস্তুতি ।
সুনিবিড়ৰ তৃপ্তিত স্মৃতিবোৰ
সাবটি থকাৰ বাসনা।