পূজাৰ বতৰত স্বাস্থ্য দিহা- ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
ক’ৰ’ণা অতিমাৰীৰ লগত যুঁজি থকাৰ মাজতে দুৰ্গা পূজা আহি পালে ৷ এইবাৰ অইনবেলিৰ দৰে উলহ-মালহেৰে পূজা উদযাপন কৰা নহ’ব যদিও পূজা বুলি সকলোৱে হয়তো এপাক ওলাই যাবই ৷ ক’ৰ’ণাক প্ৰতিহত কৰিবলৈ কেনে ব্যৱস্থা ল'ব লাগে তাক আৰু এতিয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই‌ ৷ মাত্ৰ সকলোৱে খুব ভালকৈ মনত ৰখা উচিত যে ক’ৰ’ণা শেষ হোৱা নাই , আমি অকণমান সুযোগ দিলেই আমাক আক্ৰমণ কৰিব ৷ শাৰদীয় বতৰত দুটামান আমি সকলোৱে জনা কথাই পুনৰ আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ-

ক) পূজাৰ দিনকেইটাত মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ মুঠেই নকমাব ৷ গণসংক্ৰমণৰ বিপদৰ পৰা আমি এতিয়াও মুক্ত হোৱা নাই ৷

খ) দোকানত ভিৰ নকৰিব আৰু পৰাপক্ষত ঘৰৰ এজন সদস্যই প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আনি ভালকৈ চেনিটাইজ কৰি ল'ব ৷ শিশুৰ খেলনা , বেলুন আদি আনিয়ে হাতত নিদিব ৷ নতুন বস্তু হাতত লৈয়ে মুখলৈ নিয়াতো শিশুৰ অভ্যাস ।

গ) হোটেল , ৰেষ্টুৰেণ্টত কাম কৰা লোকসকলে হাতত গ্লোভচ্‌ পিন্ধি থাকে ৷ আচৰিত কথাটো হ’ল তেওঁলোকে গোটেই দিনটো সেইযোৰ পিন্ধিয়ে ঘূৰি ফুৰে ৷ সেইটো বেছি বিপদজনক ৷ অকণমান চকু ৰাখিলে বেয়া নহয় !

ঘ) এইবাৰ পূজা কিছু পলমকৈ হ’ল ৷ ইতিমধ্যে নিয়ৰ কুঁৱলী মৃদুকৈ আৰাম্ভ হৈছে , গতিকে ঘৰৰ পৰা ওলাওঁতে বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে টুপী , মাফলাৰ আদি লগত আনিবলৈ নাপাহৰিব ৷ এইখিনি সময়ত বতৰৰ চৰ্দি জ্বৰ হ’লেও চিন্তা হোৱাটো স্বাভাৱিক ৷ দুৰ্বল দেহাত অতিমাৰীয়ে লাই পায় ৷

ঙ) জিলাপি পূজাৰ বতৰৰ অন্যতম সামগ্ৰী ৷ খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷ অতি বেছি মিঠাযুক্ত জিলাপি বহু ৰোগত বেয়া ৷

চ) বনশাক আৰু ঘৰুৱা খাদ্যৰ ব্যৱহাৰত এই দিনকেইটাত গুৰুত্ব দিলে সুফল পাব ৷

ছ) ঘৰৰ সৰু ল'ৰা-ছোৱালী কেইটাক চিপচ , পকৰী ঘুগুনিৰ পৰিৱৰ্তে চকলেট কিচমিচ বাদাম আদি দিব পাৰে ৷

জ) বেছি তেলযুক্ত আহাৰ যিমান পাৰে পৰিহাৰ কৰক ৷ দেহা ভালে থাকিব ৷ সতেজ পাচলি আৰু ফলমূল খোৱাত অধিক গুৰুত্ব দিয়ক ৷

ঝ) পানী বেছিকৈ খাব ৷ অলপ ঠাণ্ডা পৰা দেখি বহুতেই খোৱা পানীৰ পৰিমাণ ইতিমধ্যে কমাইছে , তেনে নকৰিব ৷ কুহুমীয়া পানী খাব পাৰিলে বেছি ভাল ৷ পূজা বুলি এলকহল যুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থাকক ৷

ঞ) গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী এইকেইটা দিনত যিমান পাৰে এৰাই চলক ৷ ঘৰুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰ কথা সুকীয়া ৷

   এটা কথা পাহৰিছিলোৱেই , পূজাৰ দিনকেইটাত আমাৰ প্ৰায়বোৰৰেই কামৰ বোজা কিছু কমিব , গতিকে ভাল টোপনিৰ আমেজ ল'ব পাৰে ৷ স্বাস্থ্যৰ কাৰণে ভাল ৷ টোপনি ক্ষতি মুঠেও নকৰিব ৷ সকলোৰে পূজা ভালকৈ পাৰ হওক , নিৰোগী হৈ থাকক আৰু মা দুৰ্গাই অতিমাৰীৰ বিৰুদ্ধে যুঁজি জয়ী হোৱাৰ শক্তি প্ৰদান কৰক তাৰে কামনাৰে...


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)