সোণালী সূতাৰ সপোন অধ্যায় ৩ -ডঃ মৃদুল চন্দ্ৰ শৰ্মা

Rinku Rajowar
0
কেঁচুৱাটিৰ কান্দোনত দৰ্শনাই দৌৰি আহি নিচুকাই আইতাকৰ কোলাত দিলে । বিয়া হৈ যোৱা থাওঁকতে দুবছৰ পাৰহৈ গ'ল । ইতিমধ্যে তাহাঁতৰ জীৱনলৈ এটি দেৱশিশু‌ আহিল । দৰ্শনাই ল'ৰাটিৰ নাম স্বৰ্ণীল ৰাখিলে । সোনালী মুগা পৰিয়ালৰ সোনামুৱা সন্তান স্বৰ্ণীল । শকত আবত সুস্বাস্থ্যৰ স্বৰ্ণীল সকলোৰে মৰমৰ । জন্মৰে পৰা মুগা, এৰীৰ মাজত ডাঙৰ দীঘল হোৱা স্বৰ্ণীলে মুগা, এৰী, পলু হাতেৰে লিৰিকি বিদাৰি লাহে লাহে ডাঙৰ হ'ল । ওচৰৰে জাতীয় বিদ্যালয়ত নামভৰ্তি কৰি তাৰ পঢ়া শুভাৰম্ভ কৰা হ'ল । বিদ্যালয়ত স্বৰ্ণীল পঢ়া-শুনা, খেল ধেমালি, গান বাজনা সকলোতে পাৰ্গত হৈ উঠিল । প্ৰতিটো শ্ৰেনীত প্ৰথম হৈ উত্তীৰ্ণ হৈ থাকিল । দেউতাকৰ দৰে স্বৰ্ণীল জেভেলিন থ্ৰ' খেলত পাৰ্গত হৈ উঠিল । প্ৰথমতে বিদ্যালয়, ক্ৰমে জিলা আৰু ৰাজ্য ভিত্তিত প্ৰথম স্থান লাভ কৰিলে । এদিন আকাঙ্খিত সেই সুখবৰটো আহিল । নেচনেল গেমচত নিৰ্বাচিত হোৱাৰ পাছত স্বৰ্ণ পদক জয় কৰে । খেলৰ লগে লগে স্বৰ্ণীলে  পঢ়া-শুনা ক্ষেত্ৰতো সুন্দৰকৈ আগবাঢ়ি গৈ থাকিল । মাৰ্চিয়েল আৰ্ট শিকি সি ইতিমধ্যে ব্লেক বেল্ট লাভ কৰে ।

✍️ডঃ মৃদুল চন্দ্ৰ শৰ্মা

ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)