একাঁজলী বিৰহ ২০ -বিটুমনি ভূঞা কোছ

©Admin
0
বেলি দুপৰ হ'ল।মহাৰাণী উঠিবলৈ খবৰ হোৱা নাই।চোতাল ঘৰ মই সাৰিবলৈ বাট চাই আছে। আছোঁ নহয়, মই বান্দী জনী।

ৰামভাই মাত লগালে, কিয় তেনেকৈ কোৱা বৌদি। বোৱাৰী আপুনি ভবাৰ দৰে নহয়।এই অৱস্থাত কালিৰে পৰা লঘোণে আছে।কিবা অঘটন নহ'লেই হয়। হৰে কৃষ্ণ।

তগৰৰ শাহুয়েকে দৰ্জাখন ঢপঢপাই বোৱাৰীক মাতিবলৈ গৈ দেখে দৰ্জাখন খোলা।
ৰামভাই দৰ্জাখন খোলা, এই গ'ল ক'ত।

ৰামভাই ক'লে ,মই ৪ বজাতেই উঠিলোঁ।বোৱাৰী উঠাৰ গম পোৱা নাই।

মোৰ গা বাজিছে তাই হাৰামীয়ে ৰনলৈ পলাই গ'ল।
মানুহজনীয়ে পাগলৰ দৰে ৰনৰ ঘৰলৈ দৌৰি গ'ল।

ৰামভাই মুখৰ ভিতৰতে ভোৰভোৰাই ক'লে, নীচ প্ৰকৃতিৰ মানুহৰ মনত কেনেকৈ ভাল কথাই বাহ লব।ভোৰভোৰাই ভোৰভোৰাই ৰামভাই বাৰীৰ পাছফালে দৌৰি গ'ল। এজোপাৰ পাছত এজোপাকৈ প্ৰতিজোপা গছ 
নিৰীক্ষন কৰিলে।কিজানি কথাটো ভাবিবলৈ ৰামভাই ভয় লাগিল।হে ঈশ্বৰ এই নিৰ্দোষী ছোৱালী জনীক ৰক্ষা কৰা প্ৰভু। ৰামভাই পুখুৰীটোৰ পাৰৰ পৰা পুখুৰীত কিবা চাইছে। মাছৰ বুৰবুৰনি। ক'লৈ যাব পাৰে বোৱাৰী জনী ।হাহাকাৰ কৰি উঠা বুকুখন হেঁচামাৰি  পুখুৰীৰ পাৰত থকা তামোল জোপা সাবটি আকাশলৈ চাই এসোতা চকুপানী বোৱালে।

তগৰৰ শাহুয়েকৰ পাছে পাছে মানুহৰ জুম ।    

 ৰনে ৰামভাইক সাবটি কান্দি উঠিল।
ৰামভাই শুনিবলৈ পালে তাৰ হৃদয়ৰ অজুত প্ৰশ্ন ।

নানান জনৰ নানান মত।তগৰৰ শাহুয়েকে ইনাই-বিনাই কান্দিবলৈ ধৰিলে। সকলো তাইৰ বাবেই ,আমি বুঢ়া-বুঢ়ী কেইটা কেইদিন জীয়াই থাকিম। তাইৰ বাহিৰে আমাৰ আছে কোন।কালি এই বুঢ়া-বুঢ়ী দুটাই বজাৰ কৰি আনিছো তাইৰ বাবে। তাই পলাই গ'ল অ'।কোনোবাই তাইৰ মূৰত বেয়া বুদ্ধি  ভৰাই দিলে। চিঞৰি চিঞৰি বোৱাৰীয়েকক দুখী সজাবলৈ  যোৱা মানুহ জনীৰ কিন্তু মনো জগতত অজস্ৰ প্ৰশ্ন উদয় হৈ ৰ'ল।

ইফালে তগৰে বাছৰ পৰা নামিয়েই ইমান সুন্দৰ মন্দিৰ দেখি মন ভৰি পৰিল।তাই ৰামভাই শিকাই দিয়া হৰে কৃষ্ণ মহামন্ত্ৰ উচ্চাৰণ কৰি প্ৰভু সকলৰ পাছে পাছে আগবাঢ়ি গৈ থাকিল।

প্ৰধান প্ৰভুৰ নিৰ্দেশত তাইৰ বাবে মন্দিৰৰ ওচৰত থকা এটা সুন্দৰ ৰুম দিয়া হ'ল।ৰুমৰ ভিতৰত এটা ৰাধা কৃষ্ণ মূৰ্ত্তি দেখি তগৰৰ মনটো ভাল লাগি গ'ল।কেইগৰাকীমান বয়সীয়াল মহিলাই তাইৰ ওচৰত উপস্থিত হৈ তাইক ভয় নকৰিবলৈ ক'লে।ভগৱানে তাইক এক সুৰক্ষিত স্থানলৈ পঠিয়াই দিছে।মহিলা কেইগৰাকীৰ ভাষা তাই বুজি পোৱা নাই যদিও আকাৰে ইংগিতেৰে কি কৈছে তাই বুজি পালে।

গাটো ধুই মন্দিৰৰ বস্ত্ৰ পৰিধান কৰি তাই মনটো পবিত্ৰ পবিত্ৰ লাগিল।মহিলা কেইগৰাকীয়ে তাইৰ ৰুমটো সজাই দিছিল। এজন প্রভুৱে মন্দিৰৰ প্ৰসাদ আৰু কেইটামান ফল মূল দি গৈছিল। খাবলৈ লৈ তাই চকুপানী বৈ আহিল।ভগৱানৰ প্ৰসাদ খাওঁতে কান্দিব নাপায়।চকুপানী মোহাৰি দি এগৰাকী আইমাতৃয়ে তাইক কৈছিল।প্ৰসাদক প্ৰথমে প্ৰনাম কৰিব লাগে।তগৰে শিকাই দিয়া দৰেই কৰি গৈছিল।তাইক বিশ্ৰাম লবলৈ দি আইমাতৃ কেইগৰাকী আঁতৰি গৈছিল।

নতুনকৈ পাৰি দিয়া বিচনা চাদৰখনত হাত বোলাই তগৰৰ চকুলো বৈ আহিল।তাই চিৰিংকৈ এৰি অহা  জৰাৰ্জীণ বিচনা চাদৰ খনলৈ মনত পৰিল। ইকাটি সিকাটি কৰি এটা সময়ত তাই টোপনি গৈছিল।

ৰাধা উঠা, গৰম প্ৰসাদ খাবৰ হ'ল।দৰ্জাখন ঢকিয়াই ঢকিয়াই তাইক এগৰাকী মহিলাই মাতি আছে।ৰাধা তাইক নতুনকৈ মতা নামটো শুনি তাইৰ ভাল লাগিল।

আগলৈ,,,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)