অতীতৰ সেই শৰৎ-কানন গোস্বামী

পংখী মৰাণ
0
সুমধুৰ অতীত ঘূৰি আহা পুনৰ
শান্তিৰ শীতল বতৰা লৈ...
সেউজী ৰহণ পুনৰ সানি ল'ম 
ৰৈ আছোঁ নীৰৱে দৰ্শক হৈ ।
পদূলি মূৰলৈ চাই চাই...
আকলুৱা মনে তোমাকেই সোঁৱৰে ;
এটি এটি পুৱা , আন কেতিয়াবা
স্নিগ্ধ জোনাকৰ অপূৰ্ব শোভা ।
ৰৈ আছোঁ চাই নীৰৱে
জিলিকনিৰে ভৰা ;
কোমল পাখি মেলি উৰা
পখিলাজনীৰ ফালে
হিয়া শাঁত পৰা তৰাৰে ভৰা
আকাশখনিলৈও চাওঁ ।
কিজানিবা...নৱ প্ৰভাতৰ
এটি পুৱা দেখা পাওঁৱে !
কেতিয়াকৈ জানো মুক্ত হ'বগৈ
মনৰ পৃথিৱীখনি !
নিৰ্ভীক ভাৱে এটি হাঁহিৰে
ছন্দময় গতিৰে খোজ দিম
কোনদিনা ধৰাৰ বুকুত
সানি ল'ম সৰ্বশৰীৰৰ কোঁহে-কোঁহে
জীৱনৰ ভিন্নৰঙী ৰং , আকৌ
আহিবনে বাৰু উলটি
আধৰুৱা সপোন পূৰাবলৈ
সুন্দৰ সেই ক্ষণ !!
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)