জৈৱ-বৈচিত্ৰতা-সুস্মিতা দাস

পংখী মৰাণ
0
জৈৱ-বৈচিত্ৰতা বুলি ক'লে সাধাৰণতে পৃথিৱীৰ সকলো প্ৰকাৰৰ প্ৰাণী , উদ্ভিদ আদিৰ বিভিন্নতা আৰু বেলেগ বেলেগ অৱস্থাকে বুজায় ।
          জৈৱ-বৈচিত্ৰতা আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য বজাই ৰাখিলেহে পৃথিৱীখন সুস্থিৰভাৱে থাকিব পাৰিব । আৰু এই ভাৰসাম্যতা আমিয়েই বজাই ৰাখিব লাগিব ।
            কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণভাৱে ইয়াৰ বিপৰীত দিশটোহে দেখা গৈছে । মানুহে ভাটৌৰ দৰে কিতাপৰ কথাবোৰ পঢ়ি যিমানেই শিক্ষিত হৈছে সিমানেই আমাৰ জৈৱ-বৈচিত্ৰতা , পৰিৱেশৰ পাৰিপাৰ্শ্বিক তন্ত্ৰ আৰু প্ৰকৃতিৰ মাজতো ভাৰসাম্যতা নোহোৱা হৈ গৈছে । যধে-মধে গছ-গছনি কটা , জংঘল , হাবি-বননি আদি ধ্বংস কৰি তাত ডাঙৰ ডাঙৰ অট্টালিকা বা ইণ্ডাষ্ট্ৰি খোলা ইত্যাদি কাৰ্যৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত এক ব্যাপক হাৰত পৰিৱৰ্তনে দেখা দিছে । যাৰ ফলত বায়ু প্ৰদূষণ হৈছে আৰু তাৰ লগতে আমাৰ বায়ুমণ্ডলৰ এক গুৰুত্বপূৰ্ণ অংশ অ'জন স্তৰটো ইয়াৰ প্ৰভাৱ পৰিছে । যাৰ বাবে পৃথিৱীত বাস কৰা জীৱ-জন্তু আদিকে ধৰি বহুতো প্ৰাণী মৃত্যুমুখত পৰিছে ।
         কোৱা হয় যে মানুহ জীৱশ্ৰেষ্ঠ । কিন্তু বৰ্তমান সময়ত এই জীৱশ্ৰেষ্ঠৰ কাৰণেই পৃথিৱীৰ পৰা অৰ্থাৎ প্ৰকৃতিৰ বুকুৰ পৰা অনেক প্ৰাণী চিৰদিনৰ বাবে লুপ্ত হৈ পৰিছে ।
          পৃথিৱীত বৰ্তমান 36 টা Biodiversity Hotspot আছে । তাৰে ভিতৰত চাৰিটা হৈছে আমাৰ ভাৰতবৰ্ষৰ । সেইকেইটা হ'ল------
(1) The Western ghats.
(2)The Himalayas. 
(3)Indo-Burma region. 
(4) Sundaland. 
        Biodiversity Hotspot ৰ ভিতৰত "Island of Florence" Hotspot টো হৈছে আটাইতকৈ জনাজাত বা জনপ্ৰিয় ।
           মানুহ শিক্ষিত হৈ প্ৰকৃতিক যিমান সংৰক্ষণ কৰিব লাগিছিল তাতোকৈ বেছি ধ্বংসহে কৰিছে । কিন্তু এচাম জীৱশ্ৰেষ্ঠ মানুহ এতিয়াও আছে যি সকল হয়তো উচ্চ শিক্ষাৰে শিক্ষিত নহয় বা বৰ্তমানৰ এই আধুনিক সমাজখনৰ লগত তেওঁলোক পৰিচিত নহয় । তথাপিও কিন্তু তেওঁলোকে প্ৰকৃতিক ৰক্ষা কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰি আহিছে ।
            তাৰে ভিতৰত উচ্চ শিক্ষাৰে শিক্ষিত নোহোৱা এগৰাকী প্ৰকৃতি প্ৰেমী হৈছে আমাৰ অসমৰেই পদ্মশ্ৰী যাদৱ পায়েং । তেখেতক "অৰণ্য মানৱ" বুলি জনা যায় । তেখেতে বৰ্তমানলৈকে কেইবা হেজাৰ হেক্টৰ মাটি গছ-গছনি ৰোপণ কৰি কেইবাখনো অৰণ্য গঢ়ি তুলিছে আৰু তেখেতৰ এই অৰণ্যসমূহত বহুতো বন্যপ্ৰাণীও আছে ।
         প্ৰকৃতি প্ৰেমৰ আন এক নিদৰ্শন হৈছে অৰুণাচলৰ চুলুং জনজাতি সকলৰ জনবিশ্বাস । তেওঁলোকে এজোপা গছ কটাৰ আগতে দহজোপা গছ ৰোপণ কৰে । এনেদৰে দহজোপা গছ ৰোপণ কৰাৰ পিছতহে এজোপা গছ কাটিব পাৰে ।ঠিক একেদৰেই তেওঁলোকে অতীজৰে পৰা এই বিশ্বাস মতে কাম কৰি আছে আৰু প্ৰকৃতিৰ মাজত কিছু হ'লেও প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰাখিছে ।
           আমি আজি যিবোৰ পৰিৱেশ সংৰক্ষণৰ কথা কিতাপত পঢ়িব লগা হৈছে , সেই জৈৱ-বৈচিত্ৰতা সংৰক্ষণৰ কামবোৰ আগৰ পৰাই সংৰক্ষণ কৰাৰ প্ৰচেষ্টা চলি আছে । উদাহৰণস্বৰূপে - 1973 চনৰ এপ্ৰিল মাহত উত্তৰ প্ৰদেশৰ মণ্ডল গাঁৱত হোৱা "চিপকো আন্দোলন" । এই আন্দোলন আৰম্ভ হৈছিল সুন্দৰলাল বহুগুণাৰ নেতৃত্বত গছ কাটিবলৈ নিদিয়া এক প্ৰকৃতিপ্ৰেমী আন্দোলন ।
            ইয়াৰ পৰা আমি এইটোৱেই ক'ব পাৰোঁ যে প্ৰকৃতিক ৰক্ষা কৰিবলৈ বা জৈৱ-বৈচিত্ৰতা সংৰক্ষণ কৰিবলৈ হ'লে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব নালাগে । মাথোঁ প্ৰকৃতিক ৰক্ষা কৰাৰ এক সুস্থ মানসিকতাৰহে প্ৰয়োজন ।।।
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)