ডাৱৰবোৰ ভাল পাওঁ-শ্যামল বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
ডাৱৰ বোৰ ভাল পাঁও
কাৰণ, ডাৱৰবোৰ চঞ্চলা নাৰীৰ দৰে। 

ডাৱৰ বোৰৰ আশা আছে, 
ডাৱৰ বোৰৰ বিষাদ আছে, 

ডাৱৰ বোৰৰ ছাঁয়া আছে, 
ডাৱৰ বোৰৰ মায়া আছে, 

সৃষ্টিৰ সুশীতল বতৰা আছে,
ডাৱৰৰ সিপাৰে এখন নীলা আকাশ আছে, 

ডাৱৰ বোৰ উৰণীয়া অভিমানী। 

ডাৱৰ বোৰ সৰি সৰি পৰে 
লাৱণ্যময়ী নাৰীৰ খিল খিল হাঁহিৰ দৰে, 

ডাৱৰ বোৰ ভাল পাঁও
কাৰণ, ডাৱৰবোৰ চঞ্চলা নাৰীৰ দৰে। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)