মই সেইসকল নাট্যকাৰ প্ৰেমিকৰ আচৰণক খুবেই ঘৃণা কৰোঁ , যিবিলাক প্ৰেমিকে দিনৰ পিছত দিন, মাহৰ পিছত মাহ, পিছে পিছে ঘূৰি ঘূৰি প্ৰেমৰ নামত ফুচুলাই ফুচুলাই প্ৰতিশ্ৰুতি দি ,ৰামধেনুৰ ৰঙেৰে ঘৰ সজাৰ সপোন দেখুৱাই ... অন্তিমত মকৰাৰ মিছা জাল পাতি নানা অজুহাত দেখুৱাই লাহে লাহে আঁতৰি যায় প্ৰেমিকাৰ পৰা , পাহৰি যায় অতীতৰ নীলা পৃথিৱী , স্মৃতিৰ জীৱন্ত প্ৰতিচ্ছবি , মৰমেৰে মতা সম্পৰ্কৰ সুন্দৰ সুন্দৰ নাম ... । সঁচাকৈয়ে, অদ্ভূত লাগে সিহঁতৰ আচৰণক , বাৰুকৈ দুখ লাগে সিহঁতৰ দূৰ্ভগীয়া অমানৱীয় কাণ্ডবোৰ দেখি । সিহঁতৰ জানো আপোন বুলিবলৈ কোনো শব্দ নাই .....!! সিহঁত কেনেকৈ সুস্থ থাকে প্ৰেমৰ দলিল নিলাম কৰি ??? আঁচলতে সিহঁত কোন গ্ৰহৰ , কেনেকুৱা প্ৰজাতিৰ , হৃদয় ধ্বংসৰ অস্ত্ৰ নহয়তো সিহঁত??? হয়, এয়াই বাস্তৱ আৰু সত্য । পুৰণি হ'লে অৱহেলা টো বাঢ়ি যায়, সেয়া হয়তো কাপোৰেই হওঁক বা সম্পৰ্কই হওঁক।
অনিচ্ছাকৃত ভাৱে ৰাহুলৰ লগত বিয়াত বহিবলৈ মান্তি হ'ল মিনা , কিন্তু ঘৰৰ আটাইয়ে জানে ৰাহুল মিনাৰ ভালপোৱা ল'ৰা। কেইবা বছৰ আগত ভালপোৱাৰ প্ৰস্তাৱ দিছিল ৰাহুলে মিনাক। কিন্তু মিনাই ৰাহুলক বন্ধুত্বৰ মাজতেই সীমাৱদ্ধ ৰাখিছিল। ৰাহুলৰ বহুত কষ্ট হোৱা সত্বেও তেওঁ কোনো প্ৰতিবাদ কৰা নাছিল মিনাৰ লগত ......।
আঁচলতে মিনাই ভাল পায় ৰিয়ানক , কিন্তু ৰিয়ানে সম্পৰ্ক নষ্ট কৰি দিয়াত বাৰুকৈ অকলশৰীয়া আৰু অসুস্থ হৈ গ'ল মিনা , ৰাহুলে শান্তনা দিবলৈ উভতি আহিল মিনাৰ চোতালত কিন্তু মিনাৰ বিশ্বাস নামৰ শব্দটো যে ইতিমধ্যেই একেবাৰেই হেৰাই গৈছে ...। কেইমাহ মান আগতে হঠাৎ অসুস্থ হৈ মৃত্যুবৰণ কৰিছিল মিনাৰ দেউতাক , মাকজনীও অসুস্থ , মিনাৰ দাদাহঁত বিয়াৰ পিছত বহুত পৰিৱৰ্তন হৈ গ'ল , এতিয়াতো ঘৰখনত প্ৰায় অশান্তি লাগিয়েই থাকে , কোনে ল'ব মিনাৰ দায়িত্ব , কেইবাবাৰো ঘৰৰ পচন্দত মিনাই বিয়াত মত পোষণ নকৰাত , বহুত বেয়া পালে দাদাহঁতে , এবাৰ ভালপোৱাত ব্যৰ্থ হৈ মিনা মানসিক ভাবে বৰকৈ কষ্টত ভাঙি পৰিছিল , ঘৰৰ মানুহো বহুত অপমানিত আৰু লজ্জিত হৈছিল, মিনাক বহুত টান টান কথাও শুনাইছিল , মিনাৰ বিশ্বাস প্ৰেমৰ ওপৰত তেতিয়াই নষ্ট হৈ গৈছিল যদিও ৰিয়ানৰ সুন্দৰ মানৱীয় আচৰণত মুগ্ধ হৈ আকৌ হেৰাই পেলালে পুৰণি স্মৃতি , পাহৰি গ'ল আগৰ ধাৰণা , সপোন দেখিবলৈ আৰম্ভ কৰিলে ৰিয়ানৰ চকুত চকু থৈ , এদিন - দুদিন কৰি ভালপোৱাৰ বিষয়টো জানি গ'ল ঘৰখনত, শুনিব লগা হ'ল বহুত কথা । কিন্তু কষ্ট নহ'ল এইটো ভাবি যে ৰিয়ান বহুত ভাল এজন মানুহ, ৰিয়ান কেতিয়াও প্ৰতাৰণা নাইবা বিশ্বাসঘাতকতা নকৰিব , কেতিয়াও ভুল নুবুজিব যিহেতু ৰিয়ান আইনৰেই ৰক্ষক , হেজাৰ কষ্ট পালেও নিজে কেতিয়াও কাৰো কষ্টৰ কাৰণ নহ'ব । মিনাই গৰ্বৰ সতে বুকু ফুলাই গল্প কৰে বন্ধু - বান্ধৱীৰ সতে আকৌ কেতিয়াবা ঘৰতো বৌ বাইদেউৰ সতে । আনকি মিনাৰ দেউতা জীয়াই থকাৰ সময়ত আওপকীয়াকৈ কেইবাবাৰো নানা প্ৰসংগত আলোচনা কৰি প্ৰশংসা কৰিছিল ৰিয়ানৰ কথা , সুমুৱাই দিছিল দেউতাক আৰু মাকৰ হৃদয়ত তেওঁৰ গুণবোৰৰ কথা .....মানিও লৈছিল মিনাৰ দেউতাক , লগ কৰাৰ হেঁপাহ আছিল খুবেই ... কিন্তু নহ'ল ....। দেউতাকে গুচি যোৱাৰ পিছত শেষ স্মৃতি আৰু আশীৰ্বাদ স্বৰূপ কিছু মৰমৰ চিহ্ন হিচাপে অৱশিষ্ট সামগ্ৰী কাপোৰ , টকা আদি হাতত তুলি দিলে মাকে মিনাৰ হাতত নেদেখা জোঁৱাই জনৰ বাবে , অসহায় মূহুৰ্তত ৰিয়ানৰ বাবে অপেক্ষা কৰি থাকিল মাক আৰু মিনা ...। ৰিয়ান বিভিন্ন কামত ব্যস্ত মাথোঁ ব্যস্ত ..... কিন্তু মিনাৰ সূৰ্যৰ দৰে দৃঢ় বিশ্বাস , ৰিয়ান এদিন আহিবই আহিব । বিধিৰ বিধান.....ভাঙি গ'ল সকলো পৰিকল্পনা , অশুভ তুফান আহি ভাঙি চূৰমাৰ কৰি লৈ গ'ল দূৰ্ভগীয়া মিনাৰ সপোনৰ ৰাজপ্ৰসাদ... একেবাৰেই অকলশৰীয়া, হতভম্ব আৰু হতাশ হৈ পৰিল মিনা ..... মিনা আগতেও মিছা কথা আৰু গুৰুত্ব হীনতাৰ বহুতো প্ৰমাণ পাইছে যদিও ভালপোৱাৰ বিশ্বাসেৰে তাই একেবাৰেই অন্ধ হৈ আছিল। কিন্তু কিমান দিন কুঁৱলীয়ে সূৰুয ঢাকি ৰাখিব পাৰে .....??? এদিন ৰিয়ানৰ বন্ধু ৰোহিতৰ লগত , ৰিয়ানৰ বিভিন্ন কথাৰ কটাকটিৰ পিছত ৰিয়ানে মিনাক ভাল পায় নে নাপায় তাৰ প্ৰমাণ হিচাপে ৰিয়ানৰ ফোন কলৰ ৰেকৰ্ড দিলে ৰোহিতে .... । কথাত আছে নহয়-- "তোমাক নাপালে মৰি যাম, তোমাতকৈ ভাল পালে গুচি যাম।"
ভুৱা প্ৰেমিকৰ ফোনকলৰ ৰেকৰ্ড শুনাৰ পিছতেই বাৰুকৈ অসুস্থ হৈ পৰিল মিনা। যদিও অভিনয় কৰি ঘৰখনৰ চকুত ফাঁকি দিব বিচাৰিছিল কিন্তু ফাঁকি দিব নোৱাৰিলে মাকক আৰু নিজক , শেষত ঘৰখনক দেখুৱাই ঘৰখনৰ দায়িত্ব পালনৰ সহাঁৰি জনাই , ভালে থকাৰ ভুৱা অভিনয় কৰি , অনিচ্ছা সত্ত্বেও বিয়াত বহিবলৈ মান্তি হ'ল মিনা , বিধ্বংস কৰিবলৈ মনস্থ কৰিলে সকলো সপোন , সকলো আশা , সমস্ত জীৱন .......।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ