শৈশৱৰ দিনবোৰ-চিন্ময় ডেকা

Rinku Rajowar
0
আজলী ভৰা
মৰম আকুলতাৰ
শৈশৱৰ ধেমালি।
একাজলি মৰম
সমনীয়াৰ সৈতে,
লুকা-ফাকু, ধেংকুলু-কুট 
টাংগুটি, হেতালি
দৰা -কইনা সাজি
অ'ত ৰং ধেমালি 
আৰু যে; নানা খেল।
কিমান যে মধুৰ ক্ষণ,
অতীতৰ সেই দিনবোৰ
স্মৃতি হৈ সজীৱ হ'ব।
নি:স্বাৰ্থ মৰম আৰু ভালপোৱা
বুজাব নোৱাৰোঁ; মই
তাহানিৰ আমেজ ভৰা আনন্দ স্ফূৰ্তিৰ স্পৃহা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)